Text copied!
Bibles in Assamese

লেবীয়া 26:19-23 in Assamese

Help us?

লেবীয়া 26:19-23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 মই তোমালোকৰ গৰ্ব্ব খৰ্ব্ব কৰিম, আৰু তোমালোকৰ আকাশ লোহা যেন, আৰু মাটি পিতল যেন কৰিম।
20 তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব।
21 আৰু যদি তোমালোকে মোৰ বিপৰীত আচৰণ কৰা আৰু মোৰ বাক্য শুনিবলৈ অসন্মত হোৱা, তেন্তে মই তোমালোকৰ পাপ অনুসাৰে তোমালোকলৈ আৰু সাতগুণ আপদ ঘটাম।
22 তোমালোকৰ মাজলৈ বনৰীয়া জন্তুবোৰ পঠিয়াম; সেইবোৰে তোমালোকৰ সন্তান নাইকিয়া কৰিব, তোমালোকৰ পশু নষ্ট কৰিব, আৰু তোমালোকৰ সংখ্যা কম কৰিব; আৰু তোমালোকৰ ৰাজ-আলিবোৰ নিজান হৈ পৰিব।
23 ইমানতো যদি মোৰ শিকনি নোলোৱা, কিন্তু মোৰ বিপৰীত আচৰণ কৰা,
লেবীয়া 26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019