Text copied!
Bibles in Assamese

লেবীয়া 25:33-53 in Assamese

Help us?

লেবীয়া 25:33-53 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 যদি লেবীয়াসকলৰ মাজৰ কোনো এজনে তাক মুকলি নকৰে, তেন্তে লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা সেই বেচা ঘৰ বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব, কিয়নো লেবীয়াসকলৰ নগৰৰ ঘৰবোৰ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা তেওঁলোকৰ উত্তৰাধীকাৰ।
34 কিন্তু তেওঁলোকৰ নগৰৰ চাৰিওফালে থকা চৰণীয়া পথাৰ বেচা নহ’ব; কিয়নো সেয়ে তেওঁলোকৰ চিৰকলীয়া উত্তৰাধীকাৰ।
35 আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা;
36 তেওঁৰ পৰা সুত বা বাঢ়ি নলবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা যাতে তোমাৰ ভাই তোমাৰ লগত জীৱন-ধাৰণ কৰি থাকে।
37 তুমি সুতলৈ তাক ধন নিদিবা, বা বাঢ়িলৈ তাক অন্ন নিদিবা।
38 যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক কনান দেশ দিবৰ কাৰণে, তোমালোকৰ ঈশ্বৰ হবলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই।
39 আৰু তোমাৰ ভাই যদি তোমাৰ গুৰিত দুখীয়া হৈ, নিজকে নিজে বেচে, তেন্তে তুমি তেওঁক বন্দীৰ নিচিনাকৈ কাম নকৰাবা।
40 তেওঁ বেচ খোৱা চাকৰ আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত থাকিব আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে তোমাক খাতি দিব।
41 তাৰ পাছত তেওঁ নিজ সন্তান সকলৰে সৈতে মুকলি হৈ নিজ গোষ্ঠীৰ ওচৰলৈ উভতি যাব।
42 কিয়নো তেওঁলোক, মই মিচৰ দেশৰ পৰা উলিয়াই অনা মোৰ দাস; তেওঁলোকক বন্দীস্বৰূপে বেচা নহ’ব।
43 তুমি তেওঁলোকলৈ কঠিন ব্যৱহাৰ নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা।
44 তোমাৰ বন্দী আৰু বেটী, তুমি তোমালোকৰ চাৰিওফালে থকা জাতি সমূহৰ মাজৰ পৰা তেওঁলোকক কিনিব পাৰিবা।
45 আৰু তোমালোকৰ মাজত প্ৰবাস কৰা আন জাতিৰ সন্তান সকলৰ আৰু তোমালোকৰ দেশত তেওঁলোকৰ পৰা জন্মা তেওঁলোকৰ যি যি গোষ্ঠী তোমালোকৰ লগত বাস কৰিছে, তেওঁলোকৰ পৰাও কিনিবা আৰু তেওঁলোকৰ ওপৰত তোমালোকৰ অধিকাৰ থাকিব।
46 আৰু তোমালোকে নিজ নিজ ভাবী সন্তান সকলৰ উত্তৰাধিকাৰৰ বাবে দিব লগা ভাগ স্বৰূপে তেওঁলোকক দিব পাৰিবা, আৰু চিৰকাললৈকে তেওঁলোকক বন্দী কাম কৰিব পাৰিবা; কিন্তু নিজ ভাই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত হ’লে, তোমালোক কোনেও কাৰো ওপৰত কঠিন ব্যৱহাৰ নকৰিবা।
47 আৰু যদি তোমালোকৰ মাজত কোনো প্ৰবাসী বা বিদেশী লোক ধনী হয়, আৰু তাৰ ওচৰত থকা তোমাৰ ভাই দৰিদ্ৰ হৈ, সেই প্ৰবাসী বা বিদেশীৰ গুৰিত, বা বিদেশীৰ গোষ্ঠীত জন্মালোকৰ গুৰিত যদি তেওঁ নিজকে বেচে,
48 তেন্তে বেচাৰ পাছত তাক মোকলাব পাৰে; তাৰ পৰিয়ালৰ মাজৰ কোনোৱে তেওঁক মোকলাব পাৰে;
49 তেওঁৰ মোমায়েক, বা মোমায়েকৰ পুত্র, বা তাৰ গোষ্ঠীৰ মাজৰ তাৰ ওচৰ-সম্বন্ধীয়াই তেওঁক মুকলি কৰিব পাৰে; নাইবা তেওঁ যদি ধনী হয়, তেন্তে তেওঁ নিজে নিজকে মুকলি কৰিব পাৰে।
50 তেওঁক বেচা বছৰেৰে পৰা বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে, কিনা জনে সৈতে হিচাপ কৰি, বছৰৰ সংখ্যা অনুসাৰে মুক্তিৰ ধন দিব; বেচ-খোৱা দাসৰ নিৰিখেৰে, তেওঁ কিনাজনৰ লগত থাকিব।
51 যদি অনেক বছৰ বাকী থাকে, তেন্তে সেই বছৰৰ সংখ্যা অনুসাৰে যিমান ধন দি তেওঁক কিনা হৈছিল, তেওঁ সেই ধনৰ পৰা নিজকে মুকলি কৰা ধন ওলোটাই দিব।
52 আৰু যদি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে অলপ বছৰহে বাকী থাকে, তেন্তে তেওঁক কিনাজনে সৈতে হিচাপ কৰি, নিজৰ খাটিব লগা বছৰৰ সংখ্যা অনুসাৰে, নিজকে মুকলি কৰা ধন ওলোটাই দিব।
53 বছৰে বেচ-খোৱা দসৰ দৰে, তেওঁ তাৰে সৈতে থাকিব; তোমাৰ সাক্ষাতে তেওঁ তাৰ ওপৰত, কঠিন ব্যৱহাৰ নকৰিব।
লেবীয়া 25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019