Text copied!
Bibles in Assamese

লেবীয়া 25:17-30 in Assamese

Help us?

লেবীয়া 25:17-30 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 আৰু তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
18 এই কাৰণে তোমালোকে মোৰ বিধি অনুসাৰে আচৰণ কৰিবা, আৰু মোৰ শাসন প্ৰণালী পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা; তেতিয়া তোমালোকে দেশত নিৰ্ভয়ে বাস কৰিবা।
19 আৰু ভুমিয়ে নিজ শস্য উৎপন্ন কৰিব; তাতে তোমালোকে হেঁপাহ পলোৱাকৈ খাবলৈ পাবা; আৰু দেশত নিৰ্ভয়ে থাকিবা।
20 কিন্তু তোমালোকে ক’ব পাৰা যে, “পথাৰ নবলে, আৰু তাত উৎপন্ন হোৱা গুটি নচপালে আমি সপ্তম বছৰত কি খাম?”
21 তেতিয়া মই ষষ্ঠ বছৰত তোমালোকৰ ওপৰত আশীৰ্ব্বাদ আহিবলৈ আদেশ কৰিম, তাতে ভুমিয়ে সেই বছৰত তিনি বছৰলৈ থকাকৈ শস্য উৎপন্ন কৰিব।
22 পাছত অষ্টম বছৰত তোমালোকে গুটি ববা, কিন্তু তেতিয়াও পুৰণি শস্য খাবা; নৱম বছৰৰ শস্য নহয় মানে তোমালোকে পুৰণি শস্য খাই থাকিবা।
23 আৰু মাটি চিৰকালৰ কাৰণে আনক বেচা নহব; কিয়নো সেই মাটি মোৰ, আৰু তোমালোক মোৰ লগত অতিথি আৰু প্রবাসী আছা।
24 আৰু তোমালোকে তোমালোকৰ উত্তৰাধীকাৰ সকলো দেশত মাটি মোকলাবলৈ ক্ষমতা দিবা।
25 তোমাৰ ইস্রায়েলী লগৰ যদি দুখীয়া হৈ তেওঁৰ উত্তৰাধিকাৰৰ মাটি তোমাক কিছু বেচে, তেন্তে তাক মোকলাব পৰা তেওঁৰ ওচৰ সম্বন্ধীয়াই আহি, নিজ ভায়েকে বেচা সেই মাটি মোকলাই দিব।
26 আৰু যাৰ মুকলি কৰোঁতা গৰাকী নাই, কিন্তু তেওঁ চহকী হোৱাত, তেওঁৰ যদি নিজে মুকলি কৰিবা পৰা সমৰ্থ হয়,
27 তেন্তে তেওঁ তাক বেচা বছৰ লেখ কৰি, বাকী থকা ধন বেচাজনক ওলোটাই দিব; তেতিয়া তেওঁ পুনৰায় তেওঁৰ নিজৰ উত্তৰাধীকাৰ পাব।
28 কিন্তু যদি তেওঁ তাক ওলোটাই লবলৈ অসমৰ্থ হয়, তেন্তে সেই বেচা মাটি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে কিনা জনৰ হাতত থাকিব, পাছত বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেয়ে মুকলি হ’ব, তেতিয়া তেওঁৰ সেই উত্তৰাধীকাৰ তেওঁ পুনৰায় পাব।
29 আৰু যদি গড়েৰে আবৃত থকা নগৰৰ ভিতৰত বাস কৰা ঘৰ কোনোৱে বেচে, তেন্তে তেওঁ বেচাৰ পাছত সম্পূৰ্ণ এবছৰৰ ভিতৰত তাক মুকলি কৰিব পাৰিব; গোটেই বছৰৰ ভিতৰত তাক মুকলি কৰিবলৈ তেওঁৰ ক্ষমতা থাকিব।
30 কিন্তু যদি পুৰা এবছৰৰ ভিতৰত তাক মুকলি কৰা নহয়, তেন্তে গড়েৰে আবৃত থকা নগৰৰ সেই ঘৰ পুৰুষানুক্ৰমে চিৰকাললৈ কিনা জনৰ অধিকাৰ হ’ব; সেইয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰতো মুকলি নহ’ব।
লেবীয়া 25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019