Text copied!
Bibles in Assamese

লেবীয়া 24:7-10 in Assamese

Help us?

লেবীয়া 24:7-10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 আৰু প্ৰত্যেক শাৰীৰ ওপৰত নিৰ্ম্মল ধূপ-ধূনা দিবা; তাতে সেই পিঠাৰ ওপৰত সেয়ে সোঁৱৰণৰ অৰ্থে হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
8 আৰু পুৰোহিতে প্ৰত্যেক বিশ্ৰাম-বাৰে যিহোৱাৰ আগত সেই পিঠা সদায় সজাই থ’ব; সেয়ে চিৰস্থায়ী নিয়মৰ চিন স্বৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হ’ব।
9 আৰু সেয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ উপহাৰ হ’ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব; কিয়নো যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ বোৰৰ মাজত সেয়ে অতি পবিত্ৰ; সেয়ে তেওঁৰ চিৰস্থায়ী অধিকাৰ।”
10 পাছত মাক ইস্ৰায়েলীয়া, কিন্তু বাপেক মিচৰীয়া, এনে এজন মানুহ ওলাই ইস্ৰায়েলৰ সন্তানসকলৰ মাজলৈ গ’ল; তাতে ছাউনিৰ মাজত সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রৰ সৈতে এটা ইস্ৰায়েলীয়া মানুহৰ দণ্ড লাগিল।
লেবীয়া 24 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019