Text copied!
Bibles in Assamese

লেবীয়া 22:17-33 in Assamese

Help us?

লেবীয়া 22:17-33 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 পাছে যিহোৱাই মোচিক ক’লে, বোলে,
18 “তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সকলো সন্তানক কোৱা; তেওঁলোকক এইদৰে কোৱা যে, ‘প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে দিয়া বা ইচ্ছামতে এনেই দিয়া, যিহোৱাৰ উদ্দেশ্যে হোম-বলি স্বৰূপে অনা উপহাৰবোৰৰ মাজৰ নিজৰ উপহাৰ যদি ইস্ৰায়েল বংশৰ কোনো মানুহে, নাইবা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা কোনো বিদেশীলোকে আনে,
19 তেন্তে সেয়ে গ্ৰাহ্য হ’বৰ বাবে গৰুৰ বা মেৰৰ বা ছাগলীৰ পৰা নিঘূণ মতা পশু উৎসৰ্গ কৰিব লাগে।
20 কিন্তু তোমালোকে ঘূণ থকা একোকে উৎসৰ্গ নকৰিবা। কিয়নো সেয়ে তোমালোকৰ পক্ষে মই গ্রহণ নকৰিম।
21 কোনো লোকে যদি প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে নাইবা ইচ্ছামতে এনেই দিবৰ অৰ্থে, গৰু, কি মেৰ, কি ছাগলীৰ জাকৰ পৰা মঙ্গলাৰ্থক বলি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰে, তেন্তে গ্ৰাহ্য হবৰ বাবে সেয়ে নিৰ্ঘূণ হব লাগিব। তাত কোনো ঘূণ থাকিব নালাগিব।
22 কণা, কি ঠেং ভগা, কি খুন হোৱা, কি পুঁজ-পানী বৈ থকা, কি খহুৱা, কি নিকৰি বন্ধা, এনে পশু তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা; আৰু তাৰ একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে যজ্ঞবেদীত নুতুলিবা।
23 আৰু অধিক অঙ্গ কি কম অঙ্গ থকা গৰু, মেৰ বা ছাগলী পোৱালি ইচ্ছামতে এনেই দিয়া উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব পাৰা; কিন্তু প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে সেয়ে গ্ৰহণ নহ’ব।
24 আৰু অণ্ডকোষ চেপি ভঙা, কি খুন্দা, কি মুচৰি চিঙা, কি কটা, একোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা। এইবোৰ তোমাৰ দেশত উৎসৰ্গ নকৰিবা,
25 আৰু বিদেশীৰ হাতৰ পৰাও কিবা লৈ, সেইবোৰৰ মাজৰ তোমালোকৰ ঈশ্বৰৰ ভক্ষ্য স্বৰূপে উৎসৰ্গ নকৰিবা; কিয়নো সেইবোৰত দোষ আছে, সেইবোৰত ঘূণ আছে; সেইবোৰ তোমালোকৰ পক্ষে মই গ্ৰহণ নকৰিম’।”
26 পাছত যিহোৱাই মোচিক ক’লে,
27 “গৰু, কি মেৰ, কি ছাগলী জগাৰ পাছত সাতদিনলৈকে মাকৰ লগত থাকিব লাগিব। তেতিয়া অষ্টম দিনৰ পৰা যিহোৱাৰ উদ্দেশ্যে আগ কৰা অগ্নিকৃত উপহাৰৰ বাবে তাক গ্ৰহণ কৰা হ’ব।
28 গাই গৰু হওঁক, কি মাইকী মেৰ বা ছাগলী হওঁক, তাইক তাইৰ পোৱালিৰে সৈতে একেদিনাই মাৰিব নালাগে।
29 তোমালোকে যি সময়ত যিহোৱাৰ উদ্দেশ্যে অনুগ্ৰহ মনা বলি উৎসৰ্গ কৰিবা সেই সময়ত, গ্রহণ হবৰ বাবেহে তাক উৎসৰ্গ কৰিবা।
30 সেয়ে একেদিনাই তাক ভোজন কৰিব লাগিব। তোমালোকে ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিবা। মই যিহোৱা।
31 এই হেতুকে তোমালোকে মোৰ আজ্ঞাবোৰ পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা। মই যিহোৱা।
32 আৰু তোমালোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ নকৰিবা; কিন্তু মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত পবিত্ৰীকৃত হ’ম। তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা ময়েই।
33 তোমালোকৰ ঈশ্বৰ হবৰ বাবে যিজনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে। মই যিহোৱা।”
লেবীয়া 22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019