Text copied!
Bibles in Assamese

লেবীয়া 22:13-20 in Assamese

Help us?

লেবীয়া 22:13-20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 কিন্তু পুৰোহিতৰ জীয়েক যদি বিধৱা বা স্বামীয়ে ত্যাগ কৰা হয় আৰু তাইৰ যদি সন্তান নাথাকে আৰু নিজ পিতৃৰ ঘৰলৈ আহি, জীয়াৰীকালৰ দৰে থাকে, তেন্তে তাই পিতৃৰ আহাৰ খাব পাৰে। কিন্তু পুৰোহিত বংশৰ নোহোৱা লোকে সেই পুৰোহিতৰ আহাৰ ভোজন নকৰিব।
14 যদি কোনোৱে অজানিতে পবিত্ৰ বস্তু খায়, তেন্তে তেওঁ পুৰোহিতক তাৰ ক্ষতিপূৰণ কৰিব আৰু তাৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব।
15 এইদৰে ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুবোৰ পুৰোহিতসকলে অপবিত্ৰ নকৰিব,
16 ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুবোৰ খোৱাৰ সময়ত, তেওঁলোকক দোষাৰোপ কৰি অপৰাধৰ ফল ভোগ কৰাব নালাগে। কিয়নো মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা’।”
17 পাছে যিহোৱাই মোচিক ক’লে, বোলে,
18 “তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সকলো সন্তানক কোৱা; তেওঁলোকক এইদৰে কোৱা যে, ‘প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে দিয়া বা ইচ্ছামতে এনেই দিয়া, যিহোৱাৰ উদ্দেশ্যে হোম-বলি স্বৰূপে অনা উপহাৰবোৰৰ মাজৰ নিজৰ উপহাৰ যদি ইস্ৰায়েল বংশৰ কোনো মানুহে, নাইবা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা কোনো বিদেশীলোকে আনে,
19 তেন্তে সেয়ে গ্ৰাহ্য হ’বৰ বাবে গৰুৰ বা মেৰৰ বা ছাগলীৰ পৰা নিঘূণ মতা পশু উৎসৰ্গ কৰিব লাগে।
20 কিন্তু তোমালোকে ঘূণ থকা একোকে উৎসৰ্গ নকৰিবা। কিয়নো সেয়ে তোমালোকৰ পক্ষে মই গ্রহণ নকৰিম।
লেবীয়া 22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019