Text copied!
Bibles in Assamese

লেবীয়া 21:14-20 in Assamese

Help us?

লেবীয়া 21:14-20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 বিধৱা বা স্বামীয়ে ত্যাগ কৰা, ভ্ৰষ্টা বা বেশ্যা এনে মহিলা তেওঁ বিয়া নকৰিব। কিন্তু নিজ লোকসকলৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব।
15 তেওঁ নিজ লোকসকলৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোঁতা যিহোৱা’।”
16 যিহোৱাই মোচিক আৰু ক’লে, বোলে,
17 “তুমি হাৰোণক কোৱা, পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
18 কিয়নো যিকোনো লোকৰ ঘুণ থাকিব, সি ওচৰ নাচাপিব; যেনে কণা, খোৰা, ফেঁচা-নকা,
19 অধিক অঙ্গ থকা, কি ভৰি ভগা, কি হাত ভগা,
20 কি কুজাঁ, কি বাওনা বা চকুৰ ৰোগী বা খজুলি থকা, কি নিকৰি বন্ধা, কি অণ্ডকোষ কঢ়া।
লেবীয়া 21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019