Text copied!
Bibles in Assamese

লেবীয়া 20:15-20 in Assamese

Help us?

লেবীয়া 20:15-20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 যদি কোনো লোকে পশুত পতিত হয়, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। আৰু তোমালোকে সেই পশুকো বধ কৰিবা।
16 যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা। তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
17 যদি কোনো লোকে নিজৰ বায়েক কি ভনীয়েক, অৰ্থাৎ বাপেকৰ জীয়েক বা মাকৰ জীয়েকক গ্ৰহণ কৰি উভয়ে উভয়ৰ উলঙ্গতা দেখে, তেন্তে সেয়ে বৰ লাজৰ বিষয়। তেওঁলোক নিজ জাতিৰ সন্তান সকলৰ সাক্ষাতে উচ্ছন্ন হ’ব। তেওঁ নিজ বায়েক কি ভনীয়েকৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
18 যদি কোনোবাই মাহেকীয়া অশৌচ হোৱা মহিলাৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাইৰ উলঙ্গতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাইৰ ভুমুক অনাবৃত কৰাত আৰু সেই মহিলায়ো নিজৰ তেজৰ ভুমুক অনাবৃত কৰাত, তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
19 তুমি নিজ মাতৃৰ বা পিতৃৰ বায়েক কি ভনীয়েকৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰিবা। কিয়নো ইয়াকে কৰিলে, নিজ ওচৰ-সম্বন্ধীয়াৰ উলঙ্গতা অনাবৃত কৰা হয়; তেওঁলোক দুয়ো নিজ নিজ অপৰাধৰ ফল ভোগ কৰিব।
20 আৰু যদি কোনো মানুহে নিজ বৰ-মাক বা খুৰীয়েকেৰে সৈতে শয়ন কৰে, তেন্তে তেওঁ নিজ বৰ-বাপেকৰ বা দদায়েকৰ উলঙ্গতা অনাবৃত কৰা হয়। তেওঁলোক নিজ নিজ পাপৰ ফল ভোগ কৰিব; তেওঁলোক নিঃসন্তান হৈ মৰিব।
লেবীয়া 20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019