Text copied!
Bibles in Assamese

লেবীয়া 19:26-35 in Assamese

Help us?

লেবীয়া 19:26-35 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 তোমালোকে তেজেৰে সৈতে একো মঙহ নাখাবা। শুভ অশুভ লক্ষণ নামানিবা আৰু গণকৰ বিদ্যা ব্যৱহাৰ নকৰিবা।
27 তোমালোকে নিজ নিজ মূৰৰ চুলি ঘুৰণীয়াকৈ নাকাটিবা আৰু নিজ নিজ দাড়িৰ চুক অশুৱনীকৈ নুখুৰাবা।
28 আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।
29 তুমি নিজ জীয়েৰাক বেশ্যা হ’বলৈ দি তাইক ভ্ৰষ্ট নকৰিবা; কিয়নো তেনে কৰিলে দেশ ব্যভিচাৰত পতিত হ’ব আৰু দেশ দুষ্টতাৰে পৰিপূৰ্ণ হ’ব।
30 তোমালোকে মোৰ বিশ্ৰাম দিন পালন কৰিবা আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা।
31 ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ ফালে মুখ নকৰিবা; নিজকে অশুচি কৰিবৰ কাৰণে তেওঁলোকক সুধিবলৈ তেওঁলোকৰ ওচৰলৈ নাযাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
32 তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
33 আৰু কোনো বিদেশী লোকে যদি তোমালোকৰ দেশত তোমালোকৰে সৈতে বাস কৰে, তেন্তে তোমালোকে তাক উপদ্ৰৱ নকৰিবা।
34 তোমালোকৰ মাজত স্বদেশীয় লোক যেনে, তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোকো তোমালোকৰ পক্ষে তেনে হ’ব আৰু তুমি সেই লোকসকলক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; কাৰণ মিচৰ দেশত তোমালোকো বিদেশী আছিলা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
35 তোমালোকে বিচাৰত, পৰিমাণত বা ওজনত বা দ্ৰব্যৰ জোখত অন্যায় নকৰিবা;
লেবীয়া 19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019