Text copied!
Bibles in Assamese

লেবীয়া 19:18-28 in Assamese

Help us?

লেবীয়া 19:18-28 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।
19 তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা। তোমাৰ পশুৰে সৈতে, তুমি বেলেগ বেলেগ প্ৰজাতিৰ পশুৰ জাকক ফুৰিবলৈ চেষ্টা কৰিব নিদিবা। তোমাৰ পথাৰত একেডোখৰ মাটিত দুবিধ শস্যৰ গুটি নিসিঁচিবা; আৰু দুই প্ৰকাৰ সুতা মিহলি কৰি বোৱা বস্ত্ৰ নিপিন্ধিবা।
20 ধনেৰে বা আন ৰূপে মুক্ত নোহোৱা এনে যি বাগদান কৰা বেটী, তাইৰে সৈতে যদি কোনোৱে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো দণ্ডনীয় হ’ব, কিন্তু তেওঁলোকৰ প্ৰাণদণ্ড নহ’ব; কিয়নো তাই মুক্ত হোৱা নাই।
21 তেতিয়া সেই পুৰুষে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ, যিহোৱাৰ উদ্দেশ্যে নিজৰ দোষাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ আনিব।
22 তেতিয়া পুৰোহিতে যিহোৱাৰ সাক্ষাতে সেই দোষাৰ্থক মেৰ-ছাগটোৰ দ্বাৰাই, তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; তেতিয়া তেওঁ কৰা সেই পাপৰ ক্ষমা হ’ব।
23 তোমালোকে যেতিয়া দেশত সোমাই, খাদ্যৰ অৰ্থে সকলো প্ৰকাৰ গছ ৰুবা, তেতিয়া তাৰ ফল নিষিদ্ধ যেন গণ্য কৰিবা আৰু তিনি বছৰলৈকে সেয়ে তোমালোকৰ মানত নিষিদ্ধ হৈ থাকিব। তাক খাব নালাগে।
24 পাছত চতুৰ্থ বছৰত তাৰ সকলো ফল যিহোৱাৰ প্ৰশংসাৰ্থক উপহাৰ স্বৰূপে পবিত্ৰ হ’ব।
25 আৰু গছে ফল উৎপন্ন কৰি থাকিবৰ কাৰণে, তোমালোকে পঞ্চম বছৰত তাৰ ফল খাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
26 তোমালোকে তেজেৰে সৈতে একো মঙহ নাখাবা। শুভ অশুভ লক্ষণ নামানিবা আৰু গণকৰ বিদ্যা ব্যৱহাৰ নকৰিবা।
27 তোমালোকে নিজ নিজ মূৰৰ চুলি ঘুৰণীয়াকৈ নাকাটিবা আৰু নিজ নিজ দাড়িৰ চুক অশুৱনীকৈ নুখুৰাবা।
28 আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।
লেবীয়া 19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019