Text copied!
Bibles in Assamese

লেবীয়া 14:20-30 in Assamese

Help us?

লেবীয়া 14:20-30 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 যেতিয়া পুৰোহিতে হোমবলিটো আৰু ভক্ষ্য নৈবেদ্য খিনি বেদীত উৎসৰ্গ কৰিব, তেতিয়া পুৰোহিতে সেই ব্যক্তিক প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁ তেতিয়া শুচি হ’ব।
21 কিন্তু যদি সেই লোক জন দৰিদ্ৰ হয়, আৰু এই সকলো বলি আনিবলৈ তেওঁৰ সমৰ্থ নাথাকে, তেতিয়া তেওঁ নিজৰ কাৰণে প্ৰায়চিত্ত কৰিবলৈ দোলনীয় নৈবেদ্যৰ অৰ্থে দোষাৰ্থক বলি স্বৰূপে এটা মতা মেৰ-ছাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটাগুড়িৰ ঐফাৰ দহভাগৰ এভাগ এক “লোগ” তেল,
22 আৰু নিজৰ সমৰ্থ অনুসাৰে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব; তাৰে এটা পাপাৰ্থক বলি আৰু আনটো হোমবলি হ’ব।
23 পাছত অষ্টম দিনা, তেওঁ নিজকে শুচি কৰিবৰ অৰ্থে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ সন্মুখত পুৰোহিতৰ ওচৰলৈ সেইবোৰ আনিব।
24 তেতিয়া পুৰোহিতে দোষাৰ্থক বলিৰ কাৰণে সেই মেৰ-ছাগ পোৱালিটো আৰু সেই “লোগ” তেল লৈ, যিহোৱাৰ সন্মুখত দোলনীয় নৈবেদ্যৰ অৰ্থে তুলি দিব।
25 পাছত তেওঁ সেই দোষাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটো কাটিব লাগিব; পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, শুচি হ’বলগীয়া লোকজনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব।
26 তাৰ পাছত পুৰোহিতে সেই তেলৰ অলপ নিজৰ বাওঁ হাতৰ তলুৱাত বাকিব,
27 আৰু পুৰোহিতে সোঁ আঙুলিৰে বাওঁ হাতৰ তলুৱাত থকা সেই তেল অলপ অলপকৈ সাতবাৰ যিহোৱাৰ সন্মুখত ছটিয়াব।
28 আৰু পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা তেলৰ কিছু লৈ, শুচি হ’ব লগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া সেই দোষাৰ্থক বলিৰ তেজ থকা সেই একে ঠাইবোৰৰ ওপৰত লগাই দিব।
29 আৰু শুচি হ’বলগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিবলৈ, পুৰোহিতে নিজৰ হাতত থকা অৱশিষ্ট তেল খিনি তেওঁৰ মূৰত দিব।
30 পাছত সেই লোক জনৰ সমৰ্থ অনুসাৰে অনা সেই কপৌ দুটাৰ বা পাৰ পোৱলি দুটাৰ মাজৰ এটা উৎসৰ্গ কৰিব;
লেবীয়া 14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019