Text copied!
Bibles in Assamese

লেবীয়া 13:50-59 in Assamese

Help us?

লেবীয়া 13:50-59 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

50 পাছত পুৰোহিতে সেই দাগ চাই, দাগ থকা বস্তুটো সাতদিন আতৰ কৰি ৰাখিব।
51 পাছত সপ্তমদিনা পুৰোহিতে সেই দাগ চাই যদি কাপোৰত, বা দীঘ সুতা কি বাণী সুতাত, বা কোনো কামৰ কাৰণে ব্যৱহাৰ কৰা ছালত সেই দাগ ব্যাপি যোৱা দেখে, তেন্তে সেই দাগ সংহাৰক কুষ্ঠৰোগৰ দাগ; সেয়ে অশুচি বস্তু।
52 এই কাৰণে যি বস্ত্ৰত, বা নোমৰ যি শণ বা যি দীঘ সুতাত বা বাণী সুতাত, বা ছালেৰে সজা যি বস্ত্ৰত সেই দাগ হয়, তাক পুৰি ভস্ম কৰিব; কিয়নো সেয়ে সংহাৰক কুষ্ঠ; তাক সম্পূৰ্ণৰূপে জুইত পুৰি ভস্ম কৰা হ’ব।
53 কিন্তু পুৰোহিতে চাই যদি সেই দাগ কাপোৰত, বা দীঘ সুতাত কি বাণী সুতাত, বা ছালৰ কোনো বস্ত্ৰত সেই দাগ ব্যাপি যোৱা নেদেখে,
54 তেতিয়া পুৰোহিতে সেই দাগ থকা বস্তুটো ধুবলৈ আজ্ঞা দিব; পাছত আৰু সাতদিন সেই বস্তুটো আতৰত ৰাখিব।
55 সেই দাগ থকা বস্তু ধোৱাৰ পাছত পুৰোহিতে সেই দাগ চাব; আৰু সেই দাগ ব্যাপি নগলেও যদি আন বৰণ ধৰা নাই, তেন্তে সেয়ে অশুচি; যি ঠাইতে সেই দাগে বস্তুটোক অশুচি নকৰক, তুমি তাক জুইত পুৰি ভস্ম কৰিবা।
56 কিন্তু ধোৱাৰ পাছত পুৰোহিতে চাই যদি সেই দাগ গোমা দেখে, তেন্তে তেওঁ সেই বস্ত্ৰৰ পৰা, বা ছালৰ পৰা, বা দীঘ সুতা বা বাণী সুতাৰ পৰা তাক চিঙি পেলাব।
57 তথাপিও যদি সেই বস্ত্ৰত, বা দীঘ সুতা কি বাণী সুতাত, বা ছালেৰে সজা কোনো বস্ত্ৰত তাক পুনৰাই দেখা যায়, তেন্তে সেয়ে ব্যাপি যোৱা কুষ্ঠ; সেই দাগ থকা যিয়ে বস্তু তুমি তাক জুইত পুৰি ভস্ম কৰিবা।
58 আৰু ধোৱাৰ পাছত সেই দাগ বস্ত্ৰৰ পৰা বা দীঘ সুতা কি বাণী সুতাৰ পৰা, বা ছালৰ কোনো বস্তুৰ পৰা এৰাই, তেন্তে দ্বিতীয়বাৰ তাক ধোৱা হ’ব; তেতিয়া সেয়ে শুচি হব।
59 নোমৰ বা শণ সুতাৰ বস্ত্ৰত, বা দীঘ সুতা কি বাণী সুতাত বা ছালৰ কোনো বস্তুত হোৱা কুষ্ঠ ৰোগৰ দাগৰ বিষয়ে শুচি অশুচি বুলি কোৱা নিয়ম এই।”
লেবীয়া 13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019