Text copied!
Bibles in Assamese

লেবীয়া 13:16-52 in Assamese

Help us?

লেবীয়া 13:16-52 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 আৰু সেই কেঁচা মঙহ যদি পুনৰায় বগা হৈ যায়, তেতিয়া তেওঁ পুৰোহিতৰ ওচৰলৈ যাব।
17 তেতিয়া পুৰোহিতে সেই লোকজনৰ বগা হৈ উঠা ঘাটো চাব, আৰু যদি সেই ঘা বগা হোৱা দেখে, তেতিয়া পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক’ব।
18 আৰু গাৰ ছালত ফোঁহোৰা হৈ ভাল হোৱাৰ পাছত,
19 যদি সেই ফোঁহোৰাৰ ঠাইত বগা বৰণৰ টেমুনা বান্ধে, বা বগা আৰু অলপ ৰঙা বৰণৰ জিলিকা দাগ হয়, তেতিয়া তাক পুৰোহিতক দেখুউৱা হ’ব।
20 তেতিয়া পুৰোহিতে তাক চাব; যদি সেয়ে ছালতকৈ দ যেন বোধ হয়, আৰু তাৰ নোম বগা হৈ গ’ল, তেতিয়া পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে ফোঁহোৰাত ওলোৱা কুষ্ঠৰোগৰ ঘা।
21 কিন্তু পুৰোহিতে তাক চাই যদি বগা নোম নেদেখে, আৰু সেয়ে ছালতকৈ দ নহয়, কিন্তু শুকাই গৈছে, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
22 পাছত সেয়ে যদি ছালত বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
23 কিন্তু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু বিয়পি নাযায়, তেন্তে সেয়ে ফোঁহোৰাৰ দাগ মাত্ৰ; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
24 যদি গাৰ ছালত পোৰা দাগ হয়, আৰু সেই দাগৰ নতুন ছালৰ ৰঙচুৱা বগা বা শুদ্ধ বগা বা জিলিকা দাগ হয়,
25 তেন্তে পুৰোহিতে তাক চাব; যদি জিলিকা দাগত থকা নোম বগা হৈ গ’ল, আৰু আন ছালতকৈ দ যেন দেখা যায়, তেতিয়া সেয়ে জুইয়ে পোৰা দাগত ওলোৱা কুষ্ঠ ৰোগ; পুৰোহিতে তাক অশুচি বুলি ক’ব, কিয়নো সেয়ে কুষ্ঠ ৰোগৰ ঘা।
26 কিন্তু যদি পুৰোহিতে চাই জিলিকা দাগত বগা নোম নেদেখে, আৰু সেই দাগ ছালতকৈ দ নহয়, কিন্তু শুকাই গ’ল, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
27 পাছত সপ্তম দিনা পুৰোহিতে তেওঁক চাব; তেতিয়া যদি ছালত সেয়ে বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
28 আৰু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু ছালত ব্যাপি নাযায়, কিন্তু শুকাই যায়, তেন্তে সেয়ে পোৰা ঠাইত উঠা টেমুনা মাথোন; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব, কিয়নো সেয়ে জুইয়ে পোৰা ঘাৰ দাগহে মাথোন।
29 কোনো পুৰুষ বা স্ত্ৰীৰ মূৰত বা থুঁতৰিৰ তলত ঘা হ’লে,
30 পুৰোহিতে সেই ঘা চাব; সেয়ে যদি ছালতকৈ দ যেন বোধ হয়, আৰু তাত হালধীয়া মিহি নোম থাকে তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে খজুৱা ৰোগ; মূৰৰ চুলি বা দাড়ি সৰা কুষ্ঠ ৰোগ।
31 আৰু পুৰোহিতে সেই খজুৱা চুলি বা দাড়ি সৰা ৰোগৰ ঘা চালে, যদি সেয়ে ছালতকৈ দ যেন বোধ নহয়, আৰু তাত ক’লা নোম নাথাকে, তেন্তে পুৰোহিতে সেই চুলি কি দাড়ি সৰা ৰোগ থকা লোকজনক সাতদিন আতৰ কৰি ৰাখিব।
32 পাছত পুৰোহিতে সপ্তম দিনা সেই ঘা চাব; যদি সেই ঘা বিয়পি যোৱা নাই, আৰু তাত হালধীয়া নোম নাই, আৰু ছালতকৈ ঘাৰ ছাল দ যেন বোধ নহয়,
33 তেন্তে সেই ঘাৰ কাষৰ চৰিওফালে থকা চুলি খুৰুউৱা হ’ব, কিন্তু ঘা থকা ঠাইডোখৰ নুখুৰাব; তেতিয়া পুৰোহিতে সেই খজুৱা ঘা থকা লোকজনক আৰু সাতদিন আতৰ কৰি ৰাখিব।
34 পাছত সপ্তমদিনা পুৰোহিতে সেই ঘা চাব; তাতে, যদি সেই ঘা ছালত ব্যাপি যোৱা নাই, আৰু ছালতকৈ দ যেন বোধ নহয়, তেন্তে পুৰোহিতে তেওঁক শুচি বুলি ক’ব; পাছত সেই লোকজনে নিজ বস্ত্ৰ ধুই শুচি হ’ব।
35 কিন্তু পুৰোহিতে শুচি কৰোঁৱাৰ পাছত, যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যায়,
36 তেন্তে পুৰোহিতে তেওঁক পুনৰায় চাব; যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যোৱা দেখে, তেন্তে পুৰোহিতে হালধীয়া নোম নিবিচাৰিব; সেই লোকজন অশুচি।
37 কিন্তু তেওঁৰ দৃষ্টিত যদি সেই ঘা একেদৰে থাকে, আৰু তাৰ মাজত ক’লা নোম গজে, তেন্তে সেই ৰোগ ভাল হ’ল; তেওঁ শুচি; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
38 আৰু যদি কোনো পুৰুষ বা স্ত্ৰীৰ গাৰ ছালত ঠায়ে ঠায়ে বগা দাগ হয়,
39 তেন্তে পুৰোহিতে সেই লোকজনক চাব; যদি তেওঁৰ ছালত হোৱা জিলিকা দাগবোৰ গোম বৰণীয়া বগা হয়, তেন্তে সেয়ে ছালত উৎপন্ন হোৱা এবিধ ফোঁহা; আৰু তেওঁ শুচি।
40 আৰু যদি কোনো মানুহৰ মূৰৰ চুলি সৰি যায়, তেন্তে তেওঁ টকলা মূৰা; কিন্তু তেওঁ শুচি।
41 আৰু যদি তেওঁৰ মূৰৰ আগফালৰ চুলি সৰি যায় আৰু টপা; তেৱোঁ শুচি।
42 কিন্তু যদি তেওঁৰ টকলা বা টপা মূৰত ৰঙচীয়া বগা ঘা হয়, তেন্তে সেয়ে তাৰ টকলা মূৰত বা টপা মূৰত হোৱা কুষ্ঠ ৰোগ।
43 তেতিয়া পুৰোহিতে তেওঁক চাব; যদি গাৰ ছালত হোৱা কুষ্ঠ ৰোগৰ দৰে তেওঁৰ টকলা বা টপা মূৰত সেই ঘা দমলা ৰঙচীয়া বগা হয়,
44 তেন্তে তেওঁ কুষ্ঠ ৰোগী আৰু অশুচি; অৱশ্যে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; তাৰ কুষ্ঠৰোগৰ ঘা তেওঁৰ মূৰতে আছে।
45 যি কুষ্ঠৰোগীৰ গাত কুষ্ঠৰোগৰ ঘা থাকে, তেওঁ ফলা বস্ত্ৰ পিন্ধিব, আৰু তেওঁৰ মূৰৰ চুলি মুকলিকৈ ৰখা হ’ব, আৰু তেওঁ নিজৰ ওপৰ ওঁঠ ঢাকিব, আৰু ‘অশুচি, অশুচি,’ বুলি চিঞৰিব।
46 যিমান দিন তেওঁৰ গাত সেই কুষ্ঠৰোগ ঘা থাকিব, সিমান দিন তেওঁ অশুচি হৈ থাকিব; তেওঁ অশুচি হোৱাত আৰু তেওঁৰ সেই ৰোগ যেন ব্যাপি নাযায় সেই কাৰণে তেওঁ অকলে থাকিব; তেওঁৰ থকা ঠাই ছাউনিৰ বাহিৰত হ’ব।
47 আৰু নোমৰ কি শণ সুতাৰ এটা বস্ত্ৰত, কুষ্ঠৰোগৰ কোনো দাগ থাকিলে
48 বা শণৰ কি নোমৰ দীঘ সুতা বা বাণী সুতাত, বা কোনো ছালত, কি ছালেৰে সজা
49 কোনো বস্ত্ৰত, বস্ত্ৰ বা ছালত, বা দীঘ সুতাত বা বাণী সুতাত, বা ছালৰ কোনো বস্ত্ৰত থকা সেই দাগ যদি অলপ কেঁচা বৰণীয়া বা ৰঙচুৱা হয়, তেন্তে সেয়ে কুষ্ঠৰোগ দাগ, তাক পুৰোহিতক দেখুউৱা যাব।
50 পাছত পুৰোহিতে সেই দাগ চাই, দাগ থকা বস্তুটো সাতদিন আতৰ কৰি ৰাখিব।
51 পাছত সপ্তমদিনা পুৰোহিতে সেই দাগ চাই যদি কাপোৰত, বা দীঘ সুতা কি বাণী সুতাত, বা কোনো কামৰ কাৰণে ব্যৱহাৰ কৰা ছালত সেই দাগ ব্যাপি যোৱা দেখে, তেন্তে সেই দাগ সংহাৰক কুষ্ঠৰোগৰ দাগ; সেয়ে অশুচি বস্তু।
52 এই কাৰণে যি বস্ত্ৰত, বা নোমৰ যি শণ বা যি দীঘ সুতাত বা বাণী সুতাত, বা ছালেৰে সজা যি বস্ত্ৰত সেই দাগ হয়, তাক পুৰি ভস্ম কৰিব; কিয়নো সেয়ে সংহাৰক কুষ্ঠ; তাক সম্পূৰ্ণৰূপে জুইত পুৰি ভস্ম কৰা হ’ব।
লেবীয়া 13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019