Text copied!
Bibles in Assamese

লেবীয়া 10:14-20 in Assamese

Help us?

লেবীয়া 10:14-20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 আৰু দোলনীয় উপহাৰ যি সোঁ ফালৰ কৰঙনটো, তাক তুমি তোমাৰ পো-জীসকলেৰে সৈতে কোনো শুচি ঠাইত ভোজন কৰিবা। কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ মঙ্গলাৰ্থক বলিৰ পৰা তাক তোমাৰ আৰু তোমাৰ সন্তান সকলক পাবলগীয়া ভাগ বুলি দিয়া হ’ল।
15 অগ্নিকৃত উপহাৰৰ অৰ্থে দিয়া তেলখিনিয়ে সৈতে উত্তোলনীয় উপহাৰ যি সোঁ কৰঙন আৰু যিহোৱাৰ সন্মূখত দোলনীয় উপহাৰৰ অৰ্থে দোলাবলৈ দোলনীয় উপহাৰৰ যি আমঠু, এইবোৰ যিহোৱাৰ আজ্ঞাৰ দৰে আনিব লাগিব; সেয়ে তোমাৰ আৰু তোমাৰ সন্তান সকলৰ চিৰস্থায়ী অধিকাৰ হ’ব।”
16 তেতিয়া মোচিয়ে পুৰুষাৰ্থ কৰি, পাপাৰ্থক বলিদানৰ অৰ্থে দিয়া ছাগলীটো বিচাৰোতে দেখিলে যে, তাক পুৰি ভস্ম কৰা হ’ল। গতিকে তেওঁ হাৰোণৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক ক’লে,
17 “তোমালোকে সেই পাপাৰ্থক বলি কোনো পবিত্ৰ স্থানত কিয় ভোজন নকৰিলা? কাৰণ সেয়ে অতি পবিত্ৰ আৰু মণ্ডলীৰ অপৰাধ বৈ যিহোৱাৰ সন্মূখত তেওঁলোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তাক তোমালোকক দিয়া হ’ল।
18 চোৱা, পবিত্ৰ স্থানৰ ভিতৰলৈ তাৰ তেজ নিয়া নহ’ল; মোৰ আজ্ঞা অনুসাৰে তোমালোকে অৱশ্যে তাক পবিত্ৰ স্থানত ভোজন কৰিব লাগিছিল।”
19 তেতিয়া হাৰোণে মোচিক ক’লে, “চোৱা, এওঁলোক দুজনেই আজি যিহোৱাৰ উদ্দেশ্যে নিজ পাপাৰ্থক বলি আৰু নিজ হোমবলি উৎসৰ্গ কৰিলে, তথাপি মোলৈ এনে ঘটিল; যদি মই আজি পাপাৰ্থক বলি ভোজন কৰিলোঁহেতেন, তেন্তে যিহোৱাই তাত সন্তোষ পালেহেঁতেন নে?”
20 মোচিয়ে ইয়াকে শুনি সন্তুষ্ট হ’ল।
লেবীয়া 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019