Text copied!
Bibles in Assamese

লূক 8:30-54 in Assamese

Help us?

লূক 8:30-54 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 তেতিয়া যীচুৱে তাক সুধিলে, “তোৰ নাম কি?” তেতিয়া সি ক’লে, “বাহিনী”; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল।
31 পাছত সেই ভূতহঁতক অগাধ ঠাইলৈ যাবৰ বাবে আজ্ঞা নিদিবলৈ ভূতবোৰে তেওঁক বিনয় কৰিলে।
32 সেই সময়ত পর্বতত এজাক গাহৰি চৰি আছিল৷ তেতিয়া ভূতবোৰে সেই গাহৰিবোৰৰ ভিতৰত সোমাবলৈ অনুমতি বিচাৰি যীচুক মিনতি কৰিলে৷ তেতিয়া যীচুৱে তেনেদৰেই সিহঁতক অনুমতি দিলে৷
33 সেই সময়তেই মানুহ জনৰ পৰা ভূতবোৰ ওলাই, গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰি জাক লৰি গৈ, গৰাৰ পৰা সৰোবৰত পৰি মৰিল।
34 এই ঘটনা দেখি ৰখীয়াবোৰে পলাই গৈ নগৰ আৰু গাৱেঁ-ভুয়ে সম্বাদ দিলে।
35 তেতিয়া মানুহবোৰে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীচুৰ ওচৰলৈ আহি দেখিলে যে, যি মানুহ জনৰ পৰা ভূত ওলাই গৈছিল, সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীচুৰ চৰণৰ ওচৰত বহি আছে৷ ইয়াকে দেখি আটাইলোকে ভয় কৰিলে।
36 আৰু সেই ভূতে পোৱা লোক জনে কেনেকৈ ৰক্ষা পালে, দেখাবোৰে সেই বিষয়ে আনবোৰ লোকৰ আগত ক’লে।
37 তেতিয়া গেৰাচেনীয়া সকলৰ দেশৰ চাৰিওফালৰ মানুহে আহি তেওঁলোকৰ ওচৰৰ পৰা আতৰি যাবলৈ যীচুক অনুৰোধ কৰিলে; কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল।
38 সেয়েহে তেওঁ নাৱত উঠি, উলটি গ’ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ’ল, সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে; কিন্তু তেওঁ তাক পঠিয়াই দি ক’লে,
39 “তোমাৰ ঘৰলৈ যোৱা, ঈশ্বৰে তোমাৰ জীৱনলৈ কেনে মহৎ কৰ্ম কৰিলে, সেই বিষয়ে বৰ্ণনা কৰাগৈ।” তেতিয়া সি তাৰ পৰা গৈ, যীচুৱে তালৈ যি মহৎ কৰ্ম কৰিলে, সেই বিষয়ে গোটেই খন নগৰত ঘোষণা কৰিব ধৰিলে।
40 পাছত যীচু ঘূৰি আহোতে, লোক সকলে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে; কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল।
41 আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে;
42 কিয়নো তেওঁৰ মাথোন এজনী বাৰ বছৰীয়া জীয়েক আছিল আৰু তায়ো মৰোঁ মৰোঁ হৈ আছিল। তাতে তেওঁ আহোতে, লোক সকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল৷
43 সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল৷ তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ধন, সম্পত্তি ব্যয় কৰিও সুস্থ হোৱা নাছিল৷
44 সেই জনী তিৰোতাই যীচুৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ যোৱা তেতিয়াই বন্ধ হৈ গ’ল।
45 তাতে যীচুৱে ক’লে, “মোক কোনে চুলে?” তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে ক’লে, “হে নাথ, লোক সকলে আপোনাক বেৰি ধৰি, হেচি-মেলি ভিৰ কৰি ৰাখিছে।”
46 কিন্তু যীচুৱে ক’লে, “কোনোবাই মোক চুলে; কিয়নো মোৰ পৰা শক্তি ওলাই যোৱা মই গম পালোঁ।”
47 তাতে সেই তিৰোতা জনীয়ে দেখিলে যে, তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপুত কৰি ৰাখিব নোৱাৰিব৷ তেতিয়া তেওঁ কঁপি কঁপি আহি যীচুৰ সন্মুখত উবুৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহুর্ওতে সুস্থ হ’ল; সেই বিষয়ে সকলোৰ আগত ক’লে।
48 তেতিয়া যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা।”
49 তেওঁ এই কথা কৈ থাকোতেই, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা কোনো এজনে আহি তেওঁক ক’লে, “তোমাৰ জীয়েৰা মৰিল; গুৰুক পুনৰ দুখ নিদিবা।”
50 কিন্তু যীচুৱে সেই কথা শুনি তেওঁক উত্তৰ দিলে, “ভয় নকৰিবা; বিশ্বাস মাথোন কৰা আৰুতাতেই তাই ৰক্ষা পৰিব।”
51 পাছত ঘৰলৈ আহি, পিতৰ, যোহন, যাকোব, আৰু ছোৱালীৰ মাক-দেউতাকৰ বাহিৰে, কোনো এজনকে তেওঁৰ লগত সোমাবলৈ নিদিলে।
52 আৰু সকলোৱে সেই সময়ত তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক’লে, “তোমালোকে নাকান্দিবা; তাই মৰা নাই, তাই মাত্র টোপনিতহে আছে।”
53 কিন্তু তাই মৰিল বুলি তেওঁলোকে জানি তেওঁক হাঁহিলে।
54 কিন্তু তেওঁ তাইৰ হাতত ধৰি, মাতি ক’লে, “আইটি, উঠা।”
লূক 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019