15কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈধৈৰ্যৰে ফল উৎপন্ন কৰে।
16কোনেও চাকি লগাই পাত্ৰেৰে ঢাকি নথয় বা বিচনাৰ তলত নথয়; কিন্তু ভিতৰলৈ অহা সকলে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়।
17কিয়নো যি প্ৰকাশিত নহ’ব, এনে কোনো লুকুৱাই থোৱা বস্তু নাই; আৰু যিহক জনা নহ’ব, আৰু যি অপ্ৰকাশিত হৈ থাকিব, এনে কোনো গুপুত বস্তু নাই।
18এতেকে আপোনালোকে কিদৰে শুনিছে সেয়া বিবেচনা কৰিব; কিয়নো যিয়ে শুনিছে, তেখেতক পুণৰ দিয়া হ’ব; কিন্তু যিয়ে শুনা নাই, তেখেতে যি আছে বুলি নিজে ভাবে, সেয়াও তেখেতৰ পৰা নিয়া হ’ব।”
19সেই সময়ত যীচুৰ মাক আৰু ভায়েক সকল তেওঁৰ ওচৰলৈ আহিছিল; কিন্তু লোক সকলৰ কাৰণে তেওঁৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে।
20তেতিয়া তেওঁক এই সম্বাদ দিয়া হ’ল যে, “আপোনাৰ আই আৰু ভাই সকলে আপোনাক দেখা পোৱাৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে।”
21কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকেই মোৰ আই আৰু মোৰ ভাই।”
22পাছত এদিন যীচুৱে শিষ্যবোৰৰ সৈতে এখন নাৱত উঠি, তেওঁলোকক ক’লে, “আহা, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ।” তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ’ল।
23কিন্তু যাওঁতে যাওঁতে, তেওঁৰ টোপনি আহিল; আৰু সেই সময়তে সৰোবৰত ধুমুহা বতাহ বলিবলৈ ধৰিলে, তাতে ঢৌত পানী সোমাই থকাত, তেওঁলোক সঙ্কটত পৰিল।
24তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁক জগাই ক’লে “হে নাথ, হে নাথ, আমি এতিয়া মৰোঁহে।” তেতিয়া তেওঁ সাৰ পাই, বতাহ আৰু পানীৰ ঢৌক ডবিয়ালে; লগে লগে বতাহ আৰু ঢৌ ক্ষান্ত হ’ল আৰু সকলোবোৰ শান্ত হৈ পৰিল।
25তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ বিশ্বাস ক’ত?” তেতিয়া তেওঁলোকে ভয়াতুৰ হৈ, বিস্ময় মানি ইজনে সিজনক ক’লে, “এওঁ নো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও এওঁৰ কথা মানে!”
26পাছত তেওঁলোকে গালীল প্ৰদেশৰ সন্মুখত থকা গেৰাচেনীয়া সকলৰ দেশ পালেগৈ।
27তাতে যীচুৱে বামত উঠোতে, নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ’ল৷ সি বহু দিনৰ পৰা কাপোৰ পিন্ধা নাছিল আৰু ঘৰতো থকা নাছিল কিন্তু মৈদামবোৰতহে থাকিছিল।
28সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মূখতে পৰিল৷ পাছত বৰ মাতেৰে ক’ব ধৰিলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছোঁ, মোক যাতনা নিদিব।”
29কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অশুচি আত্মাক আদেশ দিছিল; কিয়নো সেই অশুচি আত্মাই মানুহ জনক বহু দিনৰ পৰা ধৰি আছিল৷ মানুহ জনক শিকলি আৰু বেৰীৰে বান্ধি ৰাখিছিল আৰু পহৰাও দি থকা হৈছিল; কিন্তু সি বান্ধ ছিগি, ভূতৰ দ্বাৰাই চালিত হৈ নিৰ্জন ঠাইলৈ আহি আছিল।
30তেতিয়া যীচুৱে তাক সুধিলে, “তোৰ নাম কি?” তেতিয়া সি ক’লে, “বাহিনী”; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল।
31পাছত সেই ভূতহঁতক অগাধ ঠাইলৈ যাবৰ বাবে আজ্ঞা নিদিবলৈ ভূতবোৰে তেওঁক বিনয় কৰিলে।
32সেই সময়ত পর্বতত এজাক গাহৰি চৰি আছিল৷ তেতিয়া ভূতবোৰে সেই গাহৰিবোৰৰ ভিতৰত সোমাবলৈ অনুমতি বিচাৰি যীচুক মিনতি কৰিলে৷ তেতিয়া যীচুৱে তেনেদৰেই সিহঁতক অনুমতি দিলে৷
33সেই সময়তেই মানুহ জনৰ পৰা ভূতবোৰ ওলাই, গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰি জাক লৰি গৈ, গৰাৰ পৰা সৰোবৰত পৰি মৰিল।
34এই ঘটনা দেখি ৰখীয়াবোৰে পলাই গৈ নগৰ আৰু গাৱেঁ-ভুয়ে সম্বাদ দিলে।
35তেতিয়া মানুহবোৰে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীচুৰ ওচৰলৈ আহি দেখিলে যে, যি মানুহ জনৰ পৰা ভূত ওলাই গৈছিল, সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীচুৰ চৰণৰ ওচৰত বহি আছে৷ ইয়াকে দেখি আটাইলোকে ভয় কৰিলে।
36আৰু সেই ভূতে পোৱা লোক জনে কেনেকৈ ৰক্ষা পালে, দেখাবোৰে সেই বিষয়ে আনবোৰ লোকৰ আগত ক’লে।
37তেতিয়া গেৰাচেনীয়া সকলৰ দেশৰ চাৰিওফালৰ মানুহে আহি তেওঁলোকৰ ওচৰৰ পৰা আতৰি যাবলৈ যীচুক অনুৰোধ কৰিলে; কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল।
38সেয়েহে তেওঁ নাৱত উঠি, উলটি গ’ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ’ল, সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে; কিন্তু তেওঁ তাক পঠিয়াই দি ক’লে,
39“তোমাৰ ঘৰলৈ যোৱা, ঈশ্বৰে তোমাৰ জীৱনলৈ কেনে মহৎ কৰ্ম কৰিলে, সেই বিষয়ে বৰ্ণনা কৰাগৈ।” তেতিয়া সি তাৰ পৰা গৈ, যীচুৱে তালৈ যি মহৎ কৰ্ম কৰিলে, সেই বিষয়ে গোটেই খন নগৰত ঘোষণা কৰিব ধৰিলে।
40পাছত যীচু ঘূৰি আহোতে, লোক সকলে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে; কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল।
41আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে;
42কিয়নো তেওঁৰ মাথোন এজনী বাৰ বছৰীয়া জীয়েক আছিল আৰু তায়ো মৰোঁ মৰোঁ হৈ আছিল। তাতে তেওঁ আহোতে, লোক সকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল৷
43সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল৷ তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ধন, সম্পত্তি ব্যয় কৰিও সুস্থ হোৱা নাছিল৷
44সেই জনী তিৰোতাই যীচুৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ যোৱা তেতিয়াই বন্ধ হৈ গ’ল।
45তাতে যীচুৱে ক’লে, “মোক কোনে চুলে?” তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে ক’লে, “হে নাথ, লোক সকলে আপোনাক বেৰি ধৰি, হেচি-মেলি ভিৰ কৰি ৰাখিছে।”
46কিন্তু যীচুৱে ক’লে, “কোনোবাই মোক চুলে; কিয়নো মোৰ পৰা শক্তি ওলাই যোৱা মই গম পালোঁ।”
47তাতে সেই তিৰোতা জনীয়ে দেখিলে যে, তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপুত কৰি ৰাখিব নোৱাৰিব৷ তেতিয়া তেওঁ কঁপি কঁপি আহি যীচুৰ সন্মুখত উবুৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহুর্ওতে সুস্থ হ’ল; সেই বিষয়ে সকলোৰ আগত ক’লে।