Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 7

লূক 7:6-19

Help us?
Click on verse(s) to share them!
6তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত কবলৈ পঠালে যে, “হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ;
7সেই কাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছোঁ বুলি নাভাবিলোঁ; কিন্তু মাত্ৰ এষাৰ বাক্য কওক, তাতে মোৰ দাস যেন সুস্থ হ’ব।
8কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহা বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।”
9যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক ক’লে, “মই তোমালোকক কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই।”
10পাছত যি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি আহি, সেই দাসক সুস্থ হোৱা দেখা পালে।
11ইয়াৰ কিছুদিনৰ পাছত, যীচু নায়িন নামেৰে এখন নগৰলৈ গৈ আছিল৷ তাতে তেওঁৰ শিষ্য সকল আৰু এজাক মানুহৰ এটা দল তেওঁৰ লগত গৈ আছিল।
12যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল।
13তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু ক’লে, “তুমি নাকান্দিবা।”
14পাছত তেওঁ ওচৰলৈ গৈ মৰা লোক জনক কঢ়িয়াই নিয়া চাং খন চুলে; তাতে চাং খন কঢ়িয়াই নিয়া লোক সকল স্থিৰ হৈ পৰিল। তেতিয়া তেওঁ ক’লে, “হে ডেকা, মই তোমাক ইয়াকে কৈছোঁ, তুমি উঠা।”
15তেতিয়াই সেই মৃত লোক জন উঠি বহিল আৰু কথা কবলৈ আৰম্ভ কৰিলে। তেতিয়া যীচুৱে তেওঁক নি, তেওঁৰ মাতৃৰ হাতত তুলি দিলে।
16ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে কবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল, আৰু ঈশ্বৰে তেওঁৰ মানুহবোৰলৈ দৃষ্টি কৰিলে৷”
17পাছত গোটেই যিহুদীয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ’ল।
18পাছত যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সম্বাদ দিলে।
19তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, “আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?”

Read লূক 7লূক 7
Compare লূক 7:6-19লূক 7:6-19