Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 7

লূক 7:22-44

Help us?
Click on verse(s) to share them!
22তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,
23আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য৷’”
24পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গ’ল, তেতিয়া যীচুৱে লোক সকলৰ আগত যোহনৰ বিষয়ে কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ ওলাই গৈছিল, বতাহে লৰোৱা নল নে?
25তেনেহলে কি চাবলৈ গৈছিল, এজন কোমল কাপোৰ পিন্ধা মানুহ নে? চাওক, যি সকলে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখভোগেৰে জীয়াই থাকে, এনে মান্যৱন্ত লোক ৰাজভৱনতহে থাকে।
26তেনেহলে কি চাবলৈ গৈছিল, ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ভাৱবাদীতকৈয়ো বহু শ্ৰেষ্ঠ জনক।
27এই জনেই সেই লোক, যাৰ বিষয়ে লিখা হৈছিল- ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ আগে আগে গৈ তোমাৰ বাট যুগুত কৰিব৷’
28মই আপোনালোকক কওঁ, ‘নাৰীৰ পৰা জন্ম পোৱা কোনো লোকৰ মাজত, যোহনতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈয়ো সৰু জনেই তেওঁতকৈ মহান’।”
29সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ধাৰ্মিক বুলি স্বীকাৰ কৰিলে;
30কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷
31“এতেকে এনে ধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম? আৰু তেওঁলোক কাৰ
32যিবোৰ ল’ৰা বজাৰত বহি থাকি, ইজনে সিজনক মাতি কয়, ‘আমি তোমালোকৰ আগত বাঁহী বজালো, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে নাকান্দিলা’; তেওঁলোক এই ল’ৰাবোৰৰ নিচিনা।
33কিয়নো বাপ্তাইজক যোহনে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই; তথাপি আপোনালোকে কয়, ‘তেওঁ ভূতে পোৱা’।
34মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও আপোনালোকে কয়, ‘চোৱা, ই খকুৱা; মদপী, কৰ সংগ্রহকৰী আৰু পাপীবোৰৰ বন্ধু’।
35কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰমাণিত হৈছে।”
36এদিন ফৰীচী সকলৰ এজন লোকে যীচুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে৷ সেয়েহে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল।
37সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে;
38তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে।
39তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।
40তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “হে চিমোন, তোমাক মোৰ কিছু কথা কবলৈ আছে।” তাতে তেওঁ ক’লে, “হে গুৰু, কওক।”
41যীচুৱে ক’লে “এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ দীনাৰী,এজনৰ পঞ্চাশ দীনাৰী ৰূপ ধাৰ আছিল;
42পাছত ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে৷ তাৰ পাছত তেওঁলোকৰ মাজত কোন জনে তেওঁক অধিক প্ৰেম কৰিব?”
43তেতিয়া চিমোনে উত্তৰ দি ক’লে, “বোধ কৰোঁ, যি জনক অধিক ক্ষমা কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ শুদ্ধৰূপে বিচাৰ কৰিলা।”
44তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক’লে, “এই তিৰোতা জনীক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলোঁ, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে।

Read লূক 7লূক 7
Compare লূক 7:22-44লূক 7:22-44