Text copied!
Bibles in Assamese

লূক 7:17-38 in Assamese

Help us?

লূক 7:17-38 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 পাছত গোটেই যিহুদীয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ’ল।
18 পাছত যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সম্বাদ দিলে।
19 তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, “আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?”
20 তেতিয়া সেই লোক দুজন যীচুৰ ওচৰলৈ আহিল আৰু ক’লে, “বাপ্তাইজক যোহনে আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে আৰু শুধিছে যে, ‘আহিবলগীয়া জন আপুনিয়েই নে? নে আন কোনো এজনৰ বাবে আমি অপেক্ষা কৰি থাকিম’?”
21 সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল।
22 তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,
23 আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য৷’”
24 পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গ’ল, তেতিয়া যীচুৱে লোক সকলৰ আগত যোহনৰ বিষয়ে কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ ওলাই গৈছিল, বতাহে লৰোৱা নল নে?
25 তেনেহলে কি চাবলৈ গৈছিল, এজন কোমল কাপোৰ পিন্ধা মানুহ নে? চাওক, যি সকলে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখভোগেৰে জীয়াই থাকে, এনে মান্যৱন্ত লোক ৰাজভৱনতহে থাকে।
26 তেনেহলে কি চাবলৈ গৈছিল, ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ভাৱবাদীতকৈয়ো বহু শ্ৰেষ্ঠ জনক।
27 এই জনেই সেই লোক, যাৰ বিষয়ে লিখা হৈছিল- ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ আগে আগে গৈ তোমাৰ বাট যুগুত কৰিব৷’
28 মই আপোনালোকক কওঁ, ‘নাৰীৰ পৰা জন্ম পোৱা কোনো লোকৰ মাজত, যোহনতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈয়ো সৰু জনেই তেওঁতকৈ মহান’।”
29 সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ধাৰ্মিক বুলি স্বীকাৰ কৰিলে;
30 কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷
31 “এতেকে এনে ধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম? আৰু তেওঁলোক কাৰ
32 যিবোৰ ল’ৰা বজাৰত বহি থাকি, ইজনে সিজনক মাতি কয়, ‘আমি তোমালোকৰ আগত বাঁহী বজালো, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে নাকান্দিলা’; তেওঁলোক এই ল’ৰাবোৰৰ নিচিনা।
33 কিয়নো বাপ্তাইজক যোহনে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই; তথাপি আপোনালোকে কয়, ‘তেওঁ ভূতে পোৱা’।
34 মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও আপোনালোকে কয়, ‘চোৱা, ই খকুৱা; মদপী, কৰ সংগ্রহকৰী আৰু পাপীবোৰৰ বন্ধু’।
35 কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰমাণিত হৈছে।”
36 এদিন ফৰীচী সকলৰ এজন লোকে যীচুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে৷ সেয়েহে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল।
37 সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে;
38 তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে।
লূক 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019