3 তাৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিছিল সেই কথা আপোনালোকে জানো পঢ়া নাই?
4 তেওঁতো ঈশ্বৰৰ গৃহত সোমাই ঈশ্বৰৰ দর্শন পিঠা লৈ খাইছিল আৰু তেওঁৰ সঙ্গী সকলকো খাবলৈ দিছিল, কিন্তু সেই পিঠা পুৰোহিত সকলৰ বাহিৰে আনে খোৱা বিধান সন্মত নাছিল।”
5 যীচুৱে তেওঁলোকক পুনৰ ক’লে, “মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ প্রভু।”
6 আন এদিন বিশ্ৰামবাৰত যীচুৱে নাম-ঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল।
7 বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল।
8 যীচুৱে তেওঁলোকৰ মনৰ ভাব জানিছিল আৰু সেয়ে শুকানহতীয়া মানুহ জনক তেওঁ ক’লে, “তুমি উঠি সকলোৰে মাজত থিয় হোৱা।” তেতিয়া মানুহ জনে সকলোৰে আগত থিয় হ’ল।
9 তেতিয়া যীচুৱে অধ্যাপক আৰু ফৰীচী সকলক ক’লে, “মই আপোনালোকক এটা প্রশ্ন সুধো, ‘বিধান অনুসাৰে বিশ্ৰামবাৰে কেনে ধৰণৰ কর্ম কৰা উচিত, ভাল কর্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোঁৱা নে ধ্বংস কৰা উচিত’?”
10 তাৰ পাছত চাৰিওফালে বহি থকা লোক সকলক চাই যীচুৱে মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তেওঁ সেই কথা শুনি হাত খন মেলি দিওঁতে, তেওঁৰ হাত খন একেবাৰে ভাল হৈ গ’ল।
11 তাতে ফৰীচী আৰু অধ্যাপক সকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায় সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ ধৰিলে।
12 সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।
13 পাছত পোহৰ হোৱাৰ সময়ত, তেওঁ তেওঁৰ শিষ্য সকলক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ পৰা বাৰ জনক মনোনীত কৰি তেওঁলোকক ‘পাঁচনি’ পদ দিলে।
14 সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়,
15 মথি, থোমা, আলফয়ৰ পুতেক যাকোব, চিমোন, এই জন উদ্যোগী দলৰ লোক আছিল,
16 যাকোবৰ পুতেক যিহুদা আৰু যিহূদা ঈষ্কৰিয়োতীয়া, এই জনে শেষত বিশ্বাসঘাতক হ’ল।