27কিন্তু যি সকলে শুনি আছা, মই তোমালোকক কওঁ, তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু যি সকলে তোমালোকক ঘিণ কৰে, তেওঁলোকলৈ মঙ্গল কৰিবা।
28যি সকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰিবা। যি সকলে তোমালোকক দুর্ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবা।
29কোনোৱে যদি তোমাৰ এখন গালত চৰ মাৰে, তেওঁক আন খন গালো পাতি দিবা; আৰু কোনোৱে যদি তোমাৰ চাদৰ খন কাঢ়ি লয়; তেওঁক তোমাৰ চোলাও ল’বলৈ বাধা নিদিবা।
30যি জনে তোমাক খোজে, তেওঁক দিয়া; তোমাৰ কোনো বস্তু যদি কোনোবাই লয়, তেনেহলে সেই বস্তু ওভোতাই নিবিচাৰিবা।
31লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।
32তোমালোকক প্ৰেম কৰা সকলকহে যদি তোমালোকে প্ৰেম কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও তেওঁলোকক প্ৰেম কৰা সকলক প্ৰেম কৰে।