3 তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম লয়।
4 ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে: “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা।
5 আটাই উপত্যকা পূৰ কৰা হব, প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, একা-বেকা পথবোৰ পোন হব, খলা-বমা পথবোৰ সমান কৰা হব।
6 সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”
7 তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে?
8 আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।
9 গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।”
10 তেতিয়া লোক সকলে যোহনক সুধিলে, “তেনেহলে আমি এতিয়া কি কৰিব লাগিব?”