Text copied!
Bibles in Assamese

লূক 24:27-41 in Assamese

Help us?

লূক 24:27-41 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই ধৰ্মশাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে।
28 এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত, যীচুৱে আৰু দুৰ পথ যাবলৈ থকা যেন দেখুৱালে।
29 কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক’লে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷”
30 তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে।
31 এনেতে তেওঁলোকৰ চকু মুকলি হ’ল আৰু তেওঁক চিনি পালে; তেতিয়া তেওঁ তেওঁলোকৰ পৰা অদৃশ্য হ’ল।
32 পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি ক’লে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?”
33 সেই সময়তে তেওঁলোক দুজন উঠি, যিৰূচালেমলৈ উলটি আহিল; তাতে একে ঠাইতে গোট খোৱা এঘাৰ জন আৰু লগত থকা সকলক দেখা পাই,
34 তেওঁলোকক ক’লে, “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।”
35 পাছত বাটত যি যি হ’ল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, সেই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক ক’লে।
36 এইবোৰ কথা কৈ থাকোতেই যীচু নিজে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক।”
37 কিন্তু ভূত দেখিছোঁ বুলি ভাবি, তেওঁলোক ভয়াতুৰ আৰু আতংকিত হ’ল।
38 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে?
39 মোৰ হাত আৰু ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা৷ যি দৰে মোক দেখিছা, সেইদৰে আত্মাৰ হ’লে হাড় আৰু মাংস নাই”;
40 ইয়াকে কৈ তেওঁ নিজৰ হাত-ভৰি তেওঁলোকক দেখুৱালে।
41 কিন্তু তেওঁলোক আনন্দিত হ’লেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ কিবা খোৱা বস্তু আছে নে?”
লূক 24 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019