Text copied!
Bibles in Assamese

লূক 23:30-35 in Assamese

Help us?

লূক 23:30-35 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 তেতিয়া লোক সকলে পর্বতবোৰক ক’বলৈ ধৰিব, ‘আমাৰ ওপৰত পৰা’, উপপর্ব্বতবোৰক কবলৈ ধৰিব, ‘আমাক ঢাকি ধৰা’।
31 কিয়নো কেচা গছত যদি তেওঁলোকে এইবোৰ কর্ম কৰে, তেনেহলে শুকান গছত কি কৰা যাব?”
32 সেই সময়ত দুজন দুষ্কর্মী মানুহকো তেওঁৰ লগত বধ কৰিবলৈ লৈ যোৱা হ’ল।
33 পাছত মূৰৰ লাউখোলা নামেৰে ঠাই পোৱাত, তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কর্মী মানুহকো ক্রুচত দিলে।
34 তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা;কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।
35 আৰু লোক সকলে থিয় হৈ চাই থাকোতে শাসনকর্তা সকলে তেওঁক উপহাস কৰি ক’লে, “ই আন লোককহে ৰক্ষা কৰিব পাৰিলে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত আৰু তেওঁৰ মনোনীত জন হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
লূক 23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019