Text copied!
Bibles in Assamese

লূক 23:3-24 in Assamese

Help us?

লূক 23:3-24 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা নে?” তাতে যীচুৱে উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
4 তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু লোক সকলক ক’লে, “মই এই মানুহ জনৰ বিৰুদ্ধে কোনো দোষ বিচাৰি নাপালোঁ।”
5 কিন্তু তেওঁলোকে পুণৰ ক’লে, “এই মানুহ জনে গালীল প্ৰদেশৰ পৰা আৰম্ভ কৰি গোটেই যিহুদীয়াত আৰু এতিয়া এই ঠাইতো লোক সকলক উপদেশ দি উচতাই আছে।”
6 পীলাতে ইয়াকে শুনি, মানুহ জন গালীলীয়া নে? এই বুলি সুধিলে।
7 পাছত তেওঁক হেৰোদ ৰজাৰ ক্ষমতাধীন এলেকাৰ ভিতৰৰ বুলি পীলাতে জানিবলৈ পোৱাত, তেওঁক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো সেই সময়ত তেৱোঁ যিৰূচালেমতে আছিল।
8 যেতিয়া হেৰোদে যীচুক দেখিলে, তেওঁ অতিশয় আনন্দিত হ’ল; কিয়নো বহু দিনৰ পৰা তেওঁক চাবলৈ ইচ্ছা কৰি আছিল৷ তেওঁ তেওঁৰ বিষয়ে শুনিছিল, সেয়ে তেওঁ কৰা পৰাক্ৰম কাৰ্য চাবলৈ তেওঁ আশাও কৰিছিল৷
9 তেতিয়া হেৰোদে অনেক কথা সুধিলে, কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে।
10 আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে উগ্ৰ হৈ বৰকৈ তেওঁক অপবাদ দি আছিল।
11 পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, ৰাজকীয় বস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে।
12 সেই দিনৰ পৰা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হ’ল (ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰু ভাব আছিল) ৷
13 পাছত পীলাতে প্ৰধান পুৰোহিত, শাসনকর্তা সকলক আৰু লোক সকলক মাতি গোট খুৱালে৷
14 আৰু তেওঁলোকক ক’লে, “লোক সকলক অপথে নিওঁতা বুলি, এই মানুহ জনক মোৰ ওচৰলৈ আনিলা; কিন্তু চোৱা মই তোমালোকৰ আগত সোধ-বিচাৰ কৰি, তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালোঁ।
15 হেৰোদেও একো দোষ নাপালে; কিয়নো তেওঁ পুনৰ আমাৰ ওচৰলৈ এওঁক পঠিয়াই দিলে আৰু চোৱা, এওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কর্ম কৰা নাই।
16 এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
17 সেই পর্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল।
18 কিন্তু সকলোৱে একেলগে আটাহ পাৰি ক’লে, “ইয়াক দূৰ কৰক; বাৰাব্বাক আমাৰ বাবে মুকলি কৰক।”
19 সেই বাৰাব্বাই নগৰৰ মাজত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল।
20 তাতে পীলাতে যীচুক মুকলি কৰিবলৈ ইচ্ছা কৰি, তেওঁলোকক আকৌ ক’লে,
21 কিন্তু তেওঁলোকে আটাহ পাৰি ক’লে, “তাক ক্ৰুচত দিয়ক, ক্রুচত দিয়ক৷”
22 তেতিয়া তেওঁ তৃতীয়বাৰো তেওঁলোকক ক’লে, “কিয়? এই মানুহ জনে কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই বিচাৰি পোৱা নাই; এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
23 কিন্তু তেওঁলোকে দাবী কৰিলে; তেওঁক যেন ক্রুচত দিয়া হয়, এই আশয়েৰে আঁকোৰগোজ হৈ বৰ মাতেৰে নিবেদন কৰিলে। তাতে পীলাত তেওঁলোকৰ বৰ মাতত পতিয়ন গ’ল৷
24 তেতিয়া পীলাতে তেওঁলোকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে।
লূক 23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019