Text copied!
Bibles in Assamese

লূক 22:19-52 in Assamese

Help us?

লূক 22:19-52 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তাৰ পাছত পিঠা লৈ তেওঁ স্তুতি কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, “এয়ে তোমালোকৰ কাৰণে দান কৰা মোৰ শৰীৰ; মোক সুৱঁৰিবলৈ ইয়াকে কৰিবা।”
20 পিঠা ভোজন কৰাৰ পাছত, সেইদৰে পান-পাত্ৰকো লৈ ক’লে, “তোমালোকৰ কাৰণে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, সেয়ে এই৷
21 কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিওঁতা জন মোৰে সৈতে মেজতে আছে।
22 কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল,তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ’ব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হব, তেওঁ সন্তাপৰ পাত্ৰ!”
23 তাতে তেওঁলোকৰ মাজৰ কোনে এই কৰ্ম কৰিব, সেই বিষয়ে ইজনে সিজনে সোধা-সুধি কৰিবলৈ ধৰিলে।
24 তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হ’ব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হ’ল।
25 কিন্তু তেওঁ তেওঁলোকক ক’লে, “অনা-ইহুদী ৰজা সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰী সকলক ‘উপকাৰক’ বুলি কোৱা হয়।
26 কিন্তু তোমালোক তেনেকুৱা নহবা৷ তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰু এজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক।
27 কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নে, পৰিচাৰক জন? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ৷
28 কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত, মোৰ লগত থকা লোক হৈছা৷
29 মোৰ পিতৃয়ে যেনেকৈ মোক ৰাজ্য দান কৰিলে, সেইদৰে তোমালোককো মই ৰাজ্যদান কৰিলোঁ,
30 মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
31 চিমোন, চিমোন, চোৱা, ধান চলাৰদৰে চালিবলৈ, চয়তানে তোমালোকক তাৰ নিজৰ কৰি ল’ব খুজিলে;
32 কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰুতুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।”
33 পাছত পিতৰে তেওঁক ক’লে, “হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবৰ বাবে মই যুগুত হৈ আছোঁ।”
34 তেতিয়া যীচুৱে ক’লে, “হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক জানা, ইয়াকে তিনি বাৰ অস্বীকাৰ নকৰালৈকে, আজি কুকুৰাই ডাক নিদিব।”
35 পাছত যীচুৱে তেওঁলোকক ক’লে, “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?” তেওঁলোকে ক’লে, “কোনো অভাৱ হোৱা নাছিল।”
36 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “কিন্তু এতিয়া যাৰ ধনৰ মোনা আছে, তেওঁ তাক লওঁক; সেইদৰে জোলোঙাও লওঁক; আৰু যাৰ তৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক।
37 কিয়নো মই তোমালোকক কওঁ, এই যি বচন লিখাআছে, সেয়ে মোত সিদ্ধ হ’ব লাগে; ‘তেওঁ বিধানহীন সকলৰ লগত গণ্য হ’ল৷’ কিয়নো মোৰেই সম্বন্ধীয় কথা সিদ্ধ হৈ আহিছে।”
38 তেতিয়া তেওঁলোকে ক’লে, “হে প্ৰভু, চাওক! ইয়াত দুখন তৰোৱাল আছে।” তেওঁ তেওঁলোকক ক’লে, “সেয়ে যথেষ্ট।”
39 পাছত তেওঁ বাহিৰলৈ ওলাই, তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ’ল; আৰু শিষ্য সকল তেওঁৰ পাছে পাছে গ’ল।
40 সেই ঠাই পাই তেওঁ তেওঁলোকক ক’লে, “পৰীক্ষাত যেন নপৰা, এই কাৰণে প্ৰাৰ্থনা কৰা।”
41 পাছত তেওঁ এটা শিলৰ দলি সমান আতৰ গৈ আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি ক’লে,
42 “হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়,তোমাৰেই ইচ্ছা সিদ্ধ হওক।”
43 তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি, শক্তি দান কৰিলে।
44 পাছত তেওঁ অতি যাতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গ’ল।
45 পাছত তেওঁ প্ৰাৰ্থনা কৰি উঠি, শিষ্য সকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক শোকত ভাগৰি শুই যোৱা দেখি ক’লে,
46 “তোমালোকে কিয় শুইছা? পৰীক্ষাত যেন নপৰা, এই কাৰণে উঠি প্ৰাৰ্থনা কৰা।”
47 তেওঁ কথা কৈ থাকোতেই, বাৰ জন পাঁচনিৰ লগৰ যিহূদাৰ নেতৃত্বত এদল মানুহ আহি সেই ঠাইত উপস্থিত হ’ল। তাতে তেওঁ চুমা খাবলৈ যীচুৰ ওচৰ চাপি গ’ল।
48 কিন্তু যীচুৱে তাক ক’লে, “হে যিহূদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছা নে?”
49 পাছত কি ঘটিব, তাকে দেখি তেওঁৰ সঙ্গী সকলে ক’লে, “হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিম নে?”
50 আৰু তেওঁলোকৰ কোনো এজনে মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি, তাৰ সোঁ কাণ খন কাটি পেলালে।
51 তেতিয়া যীচুৱে সমিধান দি ক’লে, “ইয়াকো সহন কৰা।” পাছে তেওঁৰ কাণ খন চুই, তেওঁক সুস্থ কৰিলে।
52 তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, মন্দিৰৰ সেনাপতি আৰু পৰিচাৰক সকলক যীচুৱে ক’লে, “যেনেকৈ ডকাইতৰ বিৰুদ্ধে ওলাই আহা, তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলা নে?
লূক 22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019