19 বিধানৰ অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে তেওঁলোকৰ বিৰুদ্ধে যীচুৱে এই দৃষ্টান্ত ক’লে বুলি জানি, সেই সময়তেই তেওঁক হাতে-হাতে ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু লোক সকলৰ বাবে ভয় কৰিলে।
20 তাতে তেওঁলোকে তেওঁৰ ধাৰ্মিকতাত সাৱধানতাৰে সতৰ্ক দৃষ্টি ৰাখি, তেওঁৰ কথাত যেন দায় ধৰিব পাৰে আৰু তেওঁক দেশৰ অধিকাৰী আৰু শাসনকৰ্তাৰ হাতত যেন শোধাই দিব পাৰে, এই কাৰণে সাধুৰ বেশ ধৰা কিছুমান চোৰাংচোৱা পঠাই দিলে।
21 পাছত তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আপুনি যথাৰ্থৰূপে কথা কৈছে আৰু উপদেশ দিছে আৰু কাৰো মুখলৈ নাচাই, পক্ষপাত নকৰাকৈ ঈশ্বৰৰ পথ দেখুৱাই আছে, ইয়াক আমি জানোঁ।
22 কিন্তু বিধানৰ মতে আমি চীজাৰক কৰ দিব পায় নে নাপায়?”
23 যীচুৱে তেওঁলোকৰ চতুৰালি বুজি তেওঁলোকক ক’লে,
24 “মোক এটা আধলিদেখুওঁৱা। ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম দিয়া আছে?” তেওঁলোকে ক’লে, “চীজাৰৰ।”
25 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেই চীজাৰক দিয়া আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”
26 তাতে অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে লোক সকলৰ আগত তেওঁৰ কথাত দোষ ধৰিব নোৱাৰিলে৷ তেওঁৰ উত্তৰত কেৱল বিস্ময় মানি নিজম দি থাকিল।
27 পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকলৰ কোনো কোনোৱে তেওঁৰ ওচৰলৈ আহি সুধিলে,
28 “হে গুৰু, ককাই-ভাইৰ মাজৰ পত্নী থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে, তেনেহলে, তেওঁৰ ভায়েক বা ককায়েকে সেই পত্নীক বিয়া কৰাই মৃত জনলৈ বংশ উৎপন্ন কৰিব, এই বুলি মোচিয়ে আমালৈ লিখিলে।
29 বাৰু, কোনো সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া পাতি নিঃসন্তান হৈ মৰিল।
30 ক্ৰমান্বয়ে দ্বিতীয় জনে তাইৰে সৈতে বিয়া পাতিলে আৰু
31 তৃতীয় জনেও তাইকেই বিয়া কৰিলে; সেইদৰে সাত জনেই সন্তান নথকাকৈ মৰিল।
32 অৱশেষত সেই পত্নীও ঢুকাল।
33 এতিয়া পুনৰুত্থানৰ সময়ত তেওঁ কোন জনৰ পত্নী হব, কাৰণ সাত জনেই তেওঁক বিয়া কৰাইছিল?”
34 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই যুগৰ সন্তান সকলে বিয়া কৰাই আৰু বিয়া দিয়াও হয়;