Text copied!
Bibles in Assamese

লূক 1:55-75 in Assamese

Help us?

লূক 1:55-75 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

55 অব্রাহাম আৰু তেওঁৰ বংশলৈ চিৰকাল দয়া কৰিবৰ কাৰণে, যেনেকৈ তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ ওচৰত প্রতিজ্ঞা কৰিছিল, সেই বিষয় তেওঁ সোঁৱৰণ কৰিলে।”
56 পাছত এলীচাবেতৰ লগত মৰিয়ম তিনি মাহ মান থাকি নিজৰ ঘৰলৈ উলটি আহিল।
57 পাছত এলীচাবেতৰ প্ৰসৱৰ কাল পূৰ্ণ হোৱাত, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।
58 তাতে ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনে যেতিয়া শুনিলে যে প্ৰভুৱে তেওঁৰ প্রতি দয়া কৰিলে, তেতিয়া সকলোৱে তেওঁৰে সৈতে আনন্দ কৰিলে।
59 তাৰ পাছত আঠ দিনৰ দিনা তেওঁলোকে শিশুটিক লৈ চুন্নৎ কৰিবলৈ আহিল আৰু সকলোৱে বাপেকৰ নাম অনুসাৰে শিশুৰ নাম জখৰিয়া থব খুজিছিল;
60 কিন্তু মাকে উত্তৰ দি ক’লে, “নহয় ইয়াৰ নাম যোহন হব।”
61 তেতিয়া তেওঁলোকে এলীচাবেতক ক’লে, “তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই।”
62 পাছত তেওঁলোকে সংকেত দি ল’ৰাৰ বাপেকৰ পৰা জানিব বিচাৰিলে যে, তেওঁ কি নাম দিব ইচ্ছা কৰে।
63 তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, “ইয়াৰ নাম ‘যোহন’।” তাতে সকলোৱে বিস্ময় মানিলে।
64 তেতিয়াই জখৰিয়াৰ মুখ আৰু জিভাৰ বান্ধ মুকলি হৈ গ’ল আৰু তেওঁ ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
65 তেতিয়া আশে-পাশে থকা লোক সকল আচৰিত হ’ল আৰু যিহুদীয়াৰ গোটেই পার্বত্য অঞ্চলৰ লোক সকলে যি ঘটিল সেই বিষয়ে কোৱা-কুই কৰিবলৈ ধৰিলে।
66 যি সকলে এই কথা শুনিলে, তেওঁলোকে মনে মনে বিষয়টো ভাৱি কবলৈ ধৰিলে, “ভৱিষ্যতে এই ল’ৰা তেনেহলে কি হব?” কিয়নো তেওঁলোকে বুজিছিল যে প্ৰভুৰ হাত তেওঁৰ লগত আছে।
67 পাছত ল’ৰা জনৰ পিতৃ জখৰিয়াই পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ, এই ভাবোক্তি প্ৰচাৰ কৰিলে।
68 ‘ইস্ৰায়েলৰ প্ৰভু ঈশ্বৰৰ প্রশংসা হওক; কিয়নো তেওঁ নিজৰ মানুহবোৰক সহায় কৰিবলৈ আৰু তেওঁলোকক মুক্ত কৰিবলৈ আহিছে।
69 তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দায়ুদৰ বংশত এজন শক্তিশালী ত্রাণকর্তাক দিলে।
70 এই বিষয়ে ঈশ্বৰে পবিত্র ভাৱবাদী সকলৰ দ্বাৰা পূৰ্বতে কৈছিল।
71 তেওঁ শত্রু সকলৰ হাতৰ পৰা আৰু যি সকলে আমাক ঘৃণা কৰে, সেই সকলোৰে হাতৰ পৰা আমাক ৰক্ষা কৰাৰ প্রতিশ্রুতি দিলে।
72 তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ প্রতি দয়া দেখুৱাব আৰু তেওঁৰ পবিত্র বিধান সোঁৱৰণ কৰাব;
73 এই বিধান হৈছে প্রতিজ্ঞা, যি আমাৰ পূর্বপুৰুষ অব্রাহামক তেওঁ দিছিল।
74 শত্রুবোৰৰ হাতৰ পৰা আমাক মুক্ত কৰিম বুলি তেওঁ প্রতিশ্রুতি দিলে, যাতে আমি নির্ভয়ে তেওঁৰ আগত সেৱা কৰিব পাৰোঁ,
75 আৰু আমাৰ জীৱনৰ আয়ুসৰ কালত পবিত্র আৰু ধাৰ্মিকতাৰে সেৱা কৰি থাকিব পাৰোঁ।
লূক 1 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019