Text copied!
Bibles in Assamese

লূক 19:15-19 in Assamese

Help us?

লূক 19:15-19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদ লৈ উলতি আহিল আৰু যি সকল দাসক তেওঁ ধন দি গৈছিল, তেওঁলোকক মাতি পঠালে৷ তাৰ পাছত তেওঁলোকে কি ব্যৱসায় কৰিলে; সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক শুধিব ধৰিলে৷
16 তেতিয়া প্ৰথম জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হ’ল’।
17 তাতে তেওঁ তাক ক’লে, ‘চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত অধিকাৰী হোৱা’।
18 পাছত দ্বিতীয় জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই পাঁচ মিনা হ’ল’।
19 তাতে ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা’।
লূক 19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019