Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 17

লূক 17:7-12

Help us?
Click on verse(s) to share them!
7তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’
8তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’
9সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
10তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”
11যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল।
12সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি,

Read লূক 17লূক 17
Compare লূক 17:7-12লূক 17:7-12