Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 17

লূক 17:4-8

Help us?
Click on verse(s) to share them!
4তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
5তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
6তেতিয়া প্ৰভুৱে ক’লে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
7তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’
8তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’

Read লূক 17লূক 17
Compare লূক 17:4-8লূক 17:4-8