Text copied!
Bibles in Assamese

লূক 17:1-5 in Assamese

Help us?

লূক 17:1-5 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।
2 সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
3 তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
4 তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
5 তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
লূক 17 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019