8তাতে বাৰীচোৱাই তেওঁক উত্তৰ দি ক’লে, ‘হে প্ৰভু এই বছৰো থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম৷
9পাছত যদি ফল ধৰে, তেনেহলে ভালেই; নহলে ইয়াক কাটি পেলাব’।”
10এদিন বিশ্ৰামবাৰে এটা নাম-ঘৰত যীচুৱে উপদেশ দি আছিল।
11তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল।
12যীচুৱে তাইক দেখি মাতিলে আৰু ক’লে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।”
13তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে।
14কিন্তু যীচুৱে বিশ্ৰামবাৰে সুস্থ কৰাৰ কাৰণে, নাম-ঘৰৰ অধিকাৰী জনে ক্ৰোধিত হৈ লোক সকলক ক’লে, “কাম কৰাৰ কাৰণে ছয় দিন আছে৷ গতিকে সেই ছয় দিনত আহিবা আৰু সুস্হ হবা, বিশ্ৰামবাৰত নহয়।”
15প্ৰভুৱে তেওঁক উত্তৰ দি ক’লে, “কপটীয়া সকল! বিশ্ৰামবাৰে আপোনালোক সকলোৱে জানো নিজৰ গাধ বা গৰু গোহালিৰ পৰা মেলি পানী খোৱাবলৈ নিনিয়ে?
16তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা অব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?”
17তেওঁ এইবোৰ কথা কোৱাৰ পাছত, তেওঁৰ বিৰুদ্ধে যি সকল লোক আছিল: সেই লোক সকলে লাজ পালে৷ কিন্তু তেওঁ কৰা সকলো গৌৰৱময় কার্যবোৰ দেখি লোক সকলে আনন্দ কৰিলে৷