Text copied!
Bibles in Assamese

লূক 12:48-57 in Assamese

Help us?

লূক 12:48-57 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

48 কিন্তু যি জনে নাজানিকোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব।
49 মই পৃথিৱীত জুই পেলাবলৈ আহিলোঁ আৰু অহ! যদি এই আশা পূর্ণ হৈ আগতেই প্ৰজ্বলিত হলহেতেন।
50 কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হ’ব লাগে,আৰু সেয়া সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছোঁ!
51 মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ বুলি ভাবিছা নে? মই তোমালোকক কওঁ, তেনে নহয়, কিন্তু বিভেদহে দিবলৈ আহিলোঁ।
52 এতিয়াৰ পৰা ঘৰৰ পাঁচ জন ভিন ভিন হৈ, দুজনৰ বিপক্ষে তিনি জন, তিনি জনৰ বিপক্ষে দুজনহে হব।
53 পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।”
54 ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই ক’লে, “পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, আপোনালোকে কয় ‘বৰষুণ আহিব’ আৰু পাছত সেইদৰে হয়।
55 দক্ষিণ ফালৰ বতাহ বুলিলে কয় ‘বৰ জহ হব’; পাছত সেই জনো সেইদৰে ঘটে।
56 হে কপটীয়া সকল, আপোনালোকে পৃথিৱীৰ আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানে; কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে বিচাৰ কৰিব নাজানে?
57 নিজৰ বিষয়ে উচিত বিচাৰ কি কাৰণত কৰিব নোৱাৰে?
লূক 12 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019