18চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও৷
19যদি মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হব।
20কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক খেদাও, তেনেহলে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ মাজলৈ আহিল।
21যেতিয়া এজন বলৱান লোকে অস্ত্ৰ-শস্ত্ৰৰে ভালকৈ সুসজ্জিত হৈ নিজৰ ঘৰ খন পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি সুৰক্ষিত হৈ থাকে;
22কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান লোক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান লোক জনে তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰবোৰৰ সৈতে তেওঁৰ সকলো সম্পত্তি লুণ্ঠন কৰে।
23যি ব্যক্তি মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ আৰু যি কোনোৱে মোৰে সৈতে নচপায়, তেওঁ সিচিঁ পেলায়।
24যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ সেই ঘৰলৈকে উভতি যাম’।
25পাছত উভতি আহি সি যেতিয়া সেই ঘৰ খন সৰা পোচা আৰু সজোৱা-পৰোৱা দেখে,
26তেতিয়া সি গৈ নিজতকৈ দুষ্ট আন সাতোটা ভূতৰ আত্মা লগত লৈ আহে, আৰু তাতে সোমাই নিবাস কৰে আৰু সেই মানুহ জনৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়াহৈ যায়।”
27এই কথা কৈ থাকোতে এজনী তিৰোতাই লোক সকলৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক’লে, “আপোনাক যি গর্ভই ধাৰণ কৰিলে আৰু যাৰ স্তন আপুনি পান কৰিলে তেওঁ ধন্য।”
28কিন্তু তেওঁ ক’লে, “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।”
29এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ ক’বলৈ ধৰিলে, “এই কালৰ মানুহ, দুর্জন মানুহ৷ ইহতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে কিন্তু যোনাৰচিনৰ বাহিৰে আন কোনো চিন ইহতক দিয়া নহব।
30কিয়নো যোনা যেনেকৈ নীনবিৰ লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকৰ ওচৰত মানুহৰ পুত্ৰই চিন হব।
31দক্ষিণ দেশৰ ৰাণীয়েমহা-বিচাৰত এই কালৰ মানুহবোৰৰ সৈতে উঠি তেওঁলোকক দোষী কৰিব কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল৷ কিন্তু চোৱা, চলোমনতকৈয়ো মহান এজন ইয়াতে আছে।
32মহা-বিচাৰত নীনবি নগৰৰ লোক সকল এই কালৰ লোক সকলৰ সৈতে থিয় হৈ ইহতক দোষী কৰিব; কিয়নো তেওঁলোকে যোনাৰ ঘোষণাত মন-পালটন কৰিলে, কিন্তু চোৱা যোনাতকৈয়ো মহান এজন ইয়াত আছে।
33কোনো লোকে চাকি জ্ৱলাই কোনেও গুপুত ঠাইত বা দোণৰ তলত নথয় কিন্তু ভিতৰলৈ সোমোৱাই অহা সকলক পোহৰ দিবলৈ গছাৰ ওপৰতহে থয়।
34তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ; যেতিয়া তোমাৰ চকু ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দিপ্তীময় হয়৷ কিন্তু যেতিয়া বেয়া থাকে, তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়।
35এতেকে তোমাৰ ভিতৰত থকা পোহৰটো যেন অন্ধকাৰ হৈ নপৰে, সেই বিষয়ে মন কৰিবা।
36এতেকে যদি তোমাৰ গোটেই শৰীৰ দিপ্তীময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেনেহলে প্ৰদীপৰ উজ্বল ৰশ্মি তোমাক দিলে যি ৰূপ হয়, সেই ৰূপেই তোমাৰ সকলো শৰীৰে ধাৰণ কৰিব৷”
37এই কথা কোৱাৰ পাছত এজন ফৰীচীয়ে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক অনুৰোধ কৰিলে; তাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিল;