10কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়।
11তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব?
12নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব?
13এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”