32 জগত সৃষ্টি হোৱাৰে পৰা কেতিয়াও শুনা নাই যে কোনোবাই এজন ওপজাৰে পৰা অন্ধ লোকৰ চকু মুকলি কৰিলে।
33 সেই মানুহ যদি ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই, তেনেহ’লে একোকে কৰিব নোৱাৰিলেহেঁতেন।”
34 তেওঁলোকে উত্তৰ দি তেওঁক ক’লে, “তইতো সম্পূর্ণ পাপতে জন্ম পাইছ! এতিয়া তই আমাকে শিকাও নে?” তাৰ পাছত ইহুদী সকলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে।
35 যীচুৱে শুনিলে যে ইহুদী নেতা সকলে সেই লোক জনক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে। পাছত যীচুৱে তেওঁক দেখা পাই সুধিলে, “তুমি মানুহৰ পুত্ৰক বিশ্বাস কৰিছা নে?”
36 তেওঁ উত্তৰ দি ক’লে, “প্ৰভু, তেওঁ কোন? মোক কওক, মই যেন তেওঁক বিশ্বাস কৰিব পাৰোঁ।”