Text copied!
Bibles in Assamese

যোহন 9:3-15 in Assamese

Help us?

যোহন 9:3-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 যীচুৱে উত্তৰ দিলে, “সি নিজেও পাপ কৰা নাই, আৰু তাৰ মাক-বাপেকেও কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ কর্ম প্ৰকাশিত হ’বলৈহে হৈছে।
4 আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।
5 যিমান দিন মই জগতত আছোঁ, মইয়ে জগতৰ পোহৰ।”
6 এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা সানি বা লিপি দিলে।
7 তাৰ পাছত তেওঁক ক’লে, “যোৱা; চীলোহৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চীলোহ’ৰ অনুবাদিত অর্থ ‘পঠোৱা হ’ল’); তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।
8 তাকে দেখি তেওঁৰ প্রতিবেশী আৰু যি সকলে তেওঁক আগেয়ে ভিক্ষা কৰা দেখিছিল, তেওঁলোকে কবলৈ ধৰিলে, “ই সেই জন মানুহ নহয় নে, যি জনে বহি ভিক্ষা মাগি থাকে?”
9 কোনো কোনোৱে ক’লে, “হয়, ইয়েই সেই জন।” আন কোনোবাই ক’লে, “নহয়; কিন্তু ই দেখাত তাৰ নিচিনা।” কিন্তু মানুহ জনে নিজে ক’লে, “হয়, মই সেই জনেই হওঁ।”
10 তেওঁলোকে তেওঁক সুধিলে, “তেনেহ’লে তোমাৰ চকু কেনেকৈ মুকলি হ’ল?”
11 তেওঁ উত্তৰ দিলে, “যীচু নামৰ মানুহ জনে মাটি বোকা কৰিলে আৰু মোৰ চকুত সেই বোকা লিপি দি বা সানি দি ক’লে, ‘চীলোহ’লৈ গৈ ধুই পেলোৱা’; সেইদৰে মই গৈ ধোৱাত দেখা পালোঁ।”
12 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “সেই জন ক’ত আছে?” তেওঁ ক’লে “মই নাজানো।”
13 যি জন মানুহ আগেয়ে অন্ধ আছিল, লোক সকলে তেওঁক ফৰীচী সকলৰ ওচৰলৈ লৈ গ’ল।
14 যিদিনা যীচুৱে বোকা কৰি তেওঁৰ চকু মুকলি কৰিছিল, সেই দিনটো বিশ্ৰামবাৰ আছিল।
15 সেই কাৰণে ফৰীচী সকলে আকৌ তেওঁক প্রশ্ন সুধিলে যে তেওঁ কেনেকৈ দৃষ্টি ঘূৰাই পালে। তেওঁ তেওঁলোকক ক’লে, “তেওঁ মোৰ চকুত বোকা লগাই দিলে, আৰু মই ধুই দিয়াত এতিয়া মই দেখা পাওঁ।”
যোহন 9 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019