Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 8

যোহন 8:54-59

Help us?
Click on verse(s) to share them!
54যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰোঁ, তেনেহলে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে, তেৱেঁই মোক গৌৰৱান্বিত কৰে।
55আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
56আপোনালোকৰ ওপৰ-পুৰুষ অব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল; তেওঁ সেইদিন দেখিলে আৰু আনন্দ কৰিলে।”
57ইহুদী সকলে যীচুক ক’লে, “তোমাৰ বয়স এতিয়াও পঞ্চাশ বছৰ হোৱাই নাই আৰু তুমি অব্ৰাহামক দেখিলা নে?”
58যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছোঁ।”
59তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ল’লে। কিন্তু যীচুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গ’ল।

Read যোহন 8যোহন 8
Compare যোহন 8:54-59যোহন 8:54-59