Text copied!
Bibles in Assamese

যোহন 8:41-45 in Assamese

Help us?

যোহন 8:41-45 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

41 আপোনালোকৰ পিতৃয়ে যি কর্ম কৰে, আপোনালোকে তাকে কৰে।” তেওঁলোকে তেতিয়া যীচুক ক’লে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।”
42 যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে।
43 আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই।
44 চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।
45 মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে।
যোহন 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019