Text copied!
Bibles in Assamese

যোহন 8:19-25 in Assamese

Help us?

যোহন 8:19-25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন।”
20 মন্দিৰৰ ধনভঁৰালৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা ক’লে; তথাপি তেতিয়াও তেওঁৰ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে।
21 পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।”
22 তেতিয়া ইহুদী সকলে ক’লে, “এওঁ কি আপোনঘাতী হ’ব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে’ বুলি যে কৈছে?”
23 তেওঁ তেওঁলোকক ক’লে, “আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ; আপোনালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ।
24 এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি বিশ্বাস নকৰে যে ময়েই সেই জন, তেনেহলে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”
25 তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক ক’লে, “সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আছোঁ।
যোহন 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019