Text copied!
Bibles in Assamese

যোহন 8:10-18 in Assamese

Help us?

যোহন 8:10-18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি?”
11 তাই ক’লে, “নাই, কোনেও নকৰিলে প্ৰভু।” যীচুৱে ক’লে, “ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।”
12 ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
13 তেতিয়া ফৰীচী সকলে তেওঁক ক’লে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা।”
14 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই ক’ৰ পৰা আহিলোঁ, আৰু ক’লৈ গৈ আছোঁ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মই ক’ৰ পৰা আহিছোঁ, বা ক’লৈ যাওঁ সেই বিষয়ে নাজানে।
15 আপোনালোকে মাংসিক ভাব অনুসাৰে সোধ-বিচাৰ কৰিছে; মই এনেদৰে লোকৰ বিচাৰ নকৰোঁ।
16 তথাপি যদি বিচাৰ কৰোঁ, তেনেহলে মোৰ সোধ-বিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে।
17 আপোনালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয়, তেনেহলে ই সত্য হয়।
18 মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।”
যোহন 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019