Text copied!
Bibles in Assamese

যোহন 7:23-28 in Assamese

Help us?

যোহন 7:23-28 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 মোচিৰ বিধান যেন উলঙ্ঘন কৰা নহয়, এই যুক্তিতে যদি বিশ্ৰাম বাৰেও মানুহৰ চুন্নৎ কৰা হয়, তেনেহলে মই বিশ্ৰামবাৰে এজন মানুহক সম্পূর্ণভাৱে সুস্থ কৰিলোঁ কাৰণে আপোনালোকৰ মোৰ ওপৰত কিয় খং উঠিছে?
24 উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায়-বিচাৰ কৰক।”
25 তেতিয়া যিৰূচালেমৰ কেইজনমান লোকে ক’লে, “যি জনক তেওঁলোকে বধ কৰিবলৈ বিচাৰিছে, এৱেঁই জানো সেই জন নহয়?
26 কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সঁচাই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট?
27 এওঁ ক’ৰ পৰা আহিছে, তাক আমি জানো; কিন্তু খ্ৰীষ্ট আহিলে, কোনেও নাজানিব, তেওঁ ক’ৰ পৰা আহিছে।”
28 তেতিয়া যীচুৱে মন্দিৰত শিক্ষা দিলে আৰু উচ্চস্বৰে ক’লে, “আপোনালোকে মোক জানে আৰু মই ক’ৰ পৰা আহিছোঁ, সেই বিষয়েও জানে৷ মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনে মোক পঠালে, তেওঁ সত্য; তেওঁক আপোনালোকে নাজানে।
যোহন 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019