17যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
18যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু কোনো জনে যদি পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেনেহলে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।
19মোচিয়ে জানো আপোনালোকক বিধান দিয়া নাই? কিন্তু আপোনালোকৰ কোনেও যে সেই বিধান পালন নকৰে। আপোনালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছে?
20লোক সকলে উত্তৰ দিলে, “তোমাক ভূতে পাইছে; তোমাক কোনে বধ কৰিবলৈ বিচাৰিছে?”
21যীচুৱে উত্তৰত তেওঁলোকক ক’লে, “মই এটা কাম কৰিলোঁ, তাতে আপোনালোক সকলোৱে বিস্ময় মানিছে।
22মোচিয়ে আপোনালোকক চুন্নৎ কৰাৰ ৰীতি দিলে আৰু আপোনালোকে বিশ্রামবাৰেও শিশু সকলৰ চুন্নৎ কৰে। (মূলত: এই বিধান মোচিৰ পৰা নহয়, কিন্তু পিতৃপুৰুষ সকলৰ পৰাহে আহিছে);
23মোচিৰ বিধান যেন উলঙ্ঘন কৰা নহয়, এই যুক্তিতে যদি বিশ্ৰাম বাৰেও মানুহৰ চুন্নৎ কৰা হয়, তেনেহলে মই বিশ্ৰামবাৰে এজন মানুহক সম্পূর্ণভাৱে সুস্থ কৰিলোঁ কাৰণে আপোনালোকৰ মোৰ ওপৰত কিয় খং উঠিছে?