17 যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
18 যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু কোনো জনে যদি পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেনেহলে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।
19 মোচিয়ে জানো আপোনালোকক বিধান দিয়া নাই? কিন্তু আপোনালোকৰ কোনেও যে সেই বিধান পালন নকৰে। আপোনালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছে?
20 লোক সকলে উত্তৰ দিলে, “তোমাক ভূতে পাইছে; তোমাক কোনে বধ কৰিবলৈ বিচাৰিছে?”
21 যীচুৱে উত্তৰত তেওঁলোকক ক’লে, “মই এটা কাম কৰিলোঁ, তাতে আপোনালোক সকলোৱে বিস্ময় মানিছে।
22 মোচিয়ে আপোনালোকক চুন্নৎ কৰাৰ ৰীতি দিলে আৰু আপোনালোকে বিশ্রামবাৰেও শিশু সকলৰ চুন্নৎ কৰে। (মূলত: এই বিধান মোচিৰ পৰা নহয়, কিন্তু পিতৃপুৰুষ সকলৰ পৰাহে আহিছে);