Text copied!
Bibles in Assamese

যোহন 6:60-71 in Assamese

Help us?

যোহন 6:60-71 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

60 যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
61 যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
62 মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ভাবিবা?
63 আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
64 কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।
65 তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
66 ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে।
67 যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, “তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?”
68 চিমোন পিতৰে তেওঁক উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে।
69 আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”
70 যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোক বাৰ জনক মনোনীত কৰা নাই নে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবলআছে।”
71 ইয়াত ঈষ্কৰিয়োতীয়া চিমোনৰ পুত্ৰ যিহূদাৰ বিষয়ে কৈছিল; কিয়নো যদিও তেওঁ বাৰ জনৰ মাজৰ এজন আছিল, তথাপি তেৱেঁ পাছত যীচুক শত্ৰুৰ হাতত শোধাই দিছিল।
যোহন 6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019