Text copied!
Bibles in Assamese

যোহন 6:47-51 in Assamese

Help us?

যোহন 6:47-51 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

47 মই সঁচাকৈয়ে কৈছোঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে।
48 জীৱন দিওঁতা আহাৰ (পিঠা) ময়েই।
49 আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷
50 স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
51 স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।”
যোহন 6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019