Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 6

যোহন 6:2-6

Help us?
Click on verse(s) to share them!
2তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।
3পাছত যীচু আৰু তেওঁৰ শিষ্য সকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল।
4সেই সময়ত ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল।
5যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি ক’ৰ পৰা পিঠা কিনিবলৈ পাম?”
6ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।

Read যোহন 6যোহন 6
Compare যোহন 6:2-6যোহন 6:2-6