Text copied!
Bibles in Assamese

যোহন 5:17-35 in Assamese

Help us?

যোহন 5:17-35 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 যীচুৱে তেওঁলোকক ক’লে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ।”
18 যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
19 ইয়াৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈয়ে আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে।
20 কাৰণ, পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু নিজে যি কৰে সেই সকলোকে পুত্রক দেখুৱায়। আপোনালোক যেন অধিক আচৰিত হৈ যায়, তাৰ বাবে তেওঁ ইয়াতকৈয়ো মহৎ মহৎ কৰ্ম পুত্রক দেখুৱাব।
21 পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যি জনকে ইচ্ছা কৰে, তেওঁক জীৱন দিয়ে।
22 পিতৃয়ে কোনো জনৰ সোধ-বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্রক দিলে,
23 যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে; যি জনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে।
24 মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
25 আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
26 কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হবলৈ দিলে।
27 পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ-বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ।
28 এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব
29 আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।
30 মই নিজে একো কৰিব নোৱাৰো; যেনেকৈ শুনো, তেনেকৈয়ে বিচাৰ কৰোঁ আৰু মোৰ বিচাৰ ন্যায়; কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰ ইচ্ছাহে বিচাৰো।
31 মই যদি কেৱল নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ, তেনেহলে মোৰ সেই সাক্ষ্য সত্য নহয়।
32 আন এজন আছে, যি জনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানো যে তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেই সাক্ষ্য সত্য।
33 আপোনালোকে যোহনৰ ওচৰলৈ লোক পঠাইছিল আৰু যোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল।
34 অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছোঁ, যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে।
35 সেই যোহন আছিল এটি প্ৰদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল।
যোহন 5 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019