Text copied!
Bibles in Assamese

যোহন 5:12-16 in Assamese

Help us?

যোহন 5:12-16 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 তেওঁলোকে তেওঁক সুধিলে, “তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা বুলি কোৱা সেই মানুহ জন কোন?”
13 কিন্তু সুস্থ হোৱা মানুহ জনে ‘তেওঁ কোন আছিল’ তাক জনা নাছিল। কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত, যীচু আতৰি গৈছিল।
14 পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা!! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”
15 তেতিয়া সেই মানুহে গৈ ইহুদী সকলক ক’লে, “যি জনে মোক সুস্থ কৰিলে, তেওঁ যীচু।”
16 এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রামবাৰে এইবোৰ কৰ্ম কৰিলে।
যোহন 5 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019